Silghat Ashokashtami Mela : বনৰজাৰ আতংকৰ মাজতে শিলঘাটত চলিছে অশোকাষ্টমী মেলাৰ প্ৰস্তুতি - ব্ৰহ্মপুত্ৰৰ বুকুত স্নান

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 28, 2023, 10:50 PM IST

কলিয়াবৰ, 28 মাৰ্চ : কলিয়াবৰৰ শিলঘাটত শতবৰ্ষ পাৰ হোৱা অশোকাষ্টমী মেলাৰ পূৰ্ণ প্ৰস্তুতি চলিছে (Preparation for Silghat Ashokashtami Mela)৷ ইতিমধ্যে বিহাৰ, ৰাজস্থান, ঝাৰখণ্ডৰ পৰা আহিছে সাধু-সন্তসকল । 12 শতাধিক বিপনীৰে লক্ষাধিক দৰ্শনাৰ্থীক আদৰিবলৈ সাজু হৈছে শতবৰ্ষ গৰকা শিলঘাট মেলা কমিটীও । আজি অৰ্থাৎ মঙলবাৰে বিয়লিৰ পৰা অনুষ্ঠিত হৈছে নাম-প্ৰসংগ ।

জানিব পৰা মতে, পুৱতি নিশাৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুত স্নান কৰিবলৈ সমাগম ঘটিব লক্ষ-লক্ষাধিক ভক্ত । সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰিছে অশোকাষ্টমী মেলাৰ আয়োজকসকলে ৷ ইতিমধ্যে সষ্টম হৈ উঠিছে কলিয়াবৰ মহকুমা প্ৰশাসনৰ লগতে আৰক্ষী-অৰ্ধসামৰিক বাহিনী, স্বাস্থ্য বিভাগৰ লোকসকল ।

উল্লেখযোগ্য যে, সোণাৰী গাঁও কামাখ্যা মন্দিৰ সংযোগী পথচোৱাত দীৰ্ঘদিন ধৰি ঢেকীয়াপতীয়া বাঘৰ এটা পৰিয়ালে বিচৰণ কৰি আহিছে । মেলা চাবলৈ অহা লোকসকলক সেই পথচোৱাদি নাহিবলৈ অনুৰোধ জনাইছে মহকুমা প্ৰশাসনে । কিয়নো মহকুমা প্ৰশাসনে বাঘ-মানুহৰ সংঘাত ৰোধৰ বাবে সেইপথত জাৰি কৰি থৈছে 144 ধাৰা ৷

লগতে পঢ়ক : Nagaon district day : উলহ মালহেৰে উদযাপন হ’ল নগাঁও জিলা দিৱস

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.