Eviction in Pava Forest Reserve : পাভ সংৰক্ষিত বনাঞ্চলত উচ্ছেদৰ বাবে সাজু লখিমপুৰ জিলা প্ৰশাসন - preparation for eviction in Pava forest reserve

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jan 7, 2023, 8:45 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

অহা ১০ জানুৱাৰীত লখিমপুৰৰ পাভ সংৰক্ষিত বনাঞ্চলত চলিব উচ্ছেদ‌ অভিযান (Assam police eviction in Pava forest reserve) । তাৰ বাবে ইতিমধ্যে চলিছে ব্যাপক সমৰসজ্জা । শ শ আৰক্ষী, অৰ্ধ-সামৰিক বাহিনীৰ জোৱানক পাভ সংৰক্ষিত বনাঞ্চলৰ সমীপৰ বঙালমৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত সাজু কৰা হৈছে (preparation for eviction in Pava forest reserve) । লখিমপুৰৰ আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱাই এই কথা সংবাদ মাধ্যমৰ আগত জনায় । বিদ্যালয়খনৰ চৌহদত ৬০০ আৰক্ষী আৰু অৰ্ধ-সামৰিক তথা বেটেলিয়ন বাহিনীয়ে কৰিছে মকড্ৰিল । বঙালমৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত এতিয়া কেৱল আৰক্ষী, অৰ্ধ-সামৰিক বাহিনীৰ বিশাল দলৰ সমৰ সদৃশ পৰিস্থিতি (eviction in Pava forest reserve) । উল্লেখ্য, অহা ১০ জানুৱাৰীৰ পৰা বনাঞ্চলখনৰ বেদখলীকৃত ৫০১ হেক্টৰ ভূমিত চলিব উচ্ছেদ অভিযান । উচ্ছেদক লৈ যাৱতীয় ব্যৱস্থা কৰিছে লখিমপুৰ প্ৰশাসনে । এই উচ্ছেদ অভিযানক লৈ উদ্ভৱ হ'ব পৰা যিকোনো পৰিস্থিতিৰ বাবে জিলা প্ৰশাসন তথা আৰক্ষী প্ৰশাসন সম্পূর্ণ সষ্টম হৈ পৰিছে ।
Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.