পালেহি ভোগালী: ঢেঁকীশালৰ পৰা আখললৈ ব্যস্ততাৰ অন্ত নাই জীয়াৰী-বোৱাৰীৰ

By ETV Bharat Assamese Team

Published : Jan 12, 2024, 5:36 PM IST

thumbnail

ওদালগুৰি, 12 জানুৱাৰী: মাজত মাত্ৰ এটা দিন, শনিবাৰে মাঘবিহুৰ উৰুকা ৷ ইতিমধ্যে পথাৰ উদং হ’ল, কৃষকে ধান কাটি-মাৰি ভঁৰাল ভৰালে ৷ বিহুলৈ চিৰা-পিঠা খুন্দাত ব্যস্ত হৈছে গাঁৱৰ জীয়াৰী-বোৱাৰী ৷ বাৰীৰ ঢাপত ৰুই থোৱা কাঠ আলু, মোৱা আলু খান্দি বিহুলৈ যোগাৰ কৰিছে গৃহস্থই ৷ পথাৰত ডেকা-চেঙেলীয়াবোৰে মেজি আৰু ভেলাঘৰ সাজিছে ৷ খৰি গোটাইছে উৰুকা উদযাপন কৰিবলৈ ৷ অসমৰ প্ৰতিটো প্ৰান্ততে এতিয়া উখল-মাখল পৰিবেশ ৷

ওৰাঙৰ নিকটৱৰ্তী নিজ বৰছলা গাঁৱৰ মহিলাসকলো এতিয়া ব্যস্ত পিঠা-পনা বনোৱাত ৷ ভোগালী বিহু আহিছে বুলিয়েই গাত তৎ নাই তেওঁলোকৰ ৷ ঢেঁকীশালত পিঠাগুৰি খুন্দি ভাগে ভাগে পিঠা বনাইছে তেওঁলোকে ৷ তাৰ মাজতে মনৰ উলাহত বিহুৰ কলি দুই-এটা আওঁৰোৱাৰ লগতে কঁকাল ভাঙি কোনোগৰাকীয়ে এপাক নাচিছেও ৷ মুঠতে ভোগালীক আদৰিবলৈ সম্পূৰ্ণৰূপে প্ৰস্তুত হৈছে তেওঁলোক ৷ 

লগতে পঢ়ক: গুৱাহাটীৰ বজাৰত সৰ্বাধিক ৫০০০ টকা দৰত বিক্ৰী হৈছে মেজি

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.