Karnataka Poll Result: কৰ্ণাটকৰ ফলাফলে বিজেপিৰ ওপৰত প্ৰভাৱ পেলাব নোৱাৰে; প্ৰমোদ বড়ো

By

Published : May 14, 2023, 5:03 PM IST

thumbnail

ৰঙিয়া, 14 মে’: কৰ্ণাটক বিধানসভা নিৰ্বাচনৰ ফলাফলক কেন্দ্ৰ কৰি ৰাজ্যত অব্যাহত আছে বিভিন্ন ৰাজনৈতিক নেতাৰ ক্ৰিয়া-প্ৰতিক্ৰিয়া ৷ এইবাৰ কৰ্ণাটকৰ নিৰ্বাচনী ফলাফল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে (Pramod Boro Reacts on Karnataka Poll Result) ৷  

ৰঙিয়াৰ এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰাৰ সময়ত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত তেওঁ কয় যে ৰাজ্যৰ নিৰ্বাচনত চৰকাৰ সালসলনি হোৱাটো সাধাৰণ কথা ৷ বিশেষকৈ দাক্ষিণাত্যত প্ৰায়েই প্ৰতিটো নিৰ্বাচনত বিভিন্ন দলে চৰকাৰ গঠন কৰি আহিছে ৷ গতিকে কৰ্ণাটকৰ নিৰ্বাচনী ফলাফলে বিজেপিৰ লগতে কেন্দ্ৰৰ ওপৰত বিশেষ পেলাব নোৱাৰে বুলি মন্তব্য কৰে বিটিআৰ প্ৰধানজনে (Karnataka Poll Result)।  

আনহাতে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়েও কৰ্ণাটকৰ শেহতীয়া নিৰ্বাচনী ফলাফল সন্দৰ্ভত মন্তব্য কৰে ৷ তেওঁ কয় যে বিধানসভাৰ সদস্য হোৱা হেতুকে তেওঁ ৰাজনৈতিক বিষয়ত মাত মাতিব নোৱাৰে ৷ কিন্তু নিৰ্বাচনী ফলাফলৰ জৰিয়তে ৰাইজে নিজৰ মত প্ৰকাশ কৰিছে ৷ গতিকে সকলোৱে ৰাইজৰ ইচ্ছাক সন্মান জনোৱা উচিত বুলি মন্তব্য কৰে তেওঁ (Biswajit Daimary Reacts on Karnataka Poll Result) ৷

লগতে পঢ়ক: Karnataka election 2023 : জনাদেশ মানি ল’বলৈ সদা প্ৰস্তুত বিজেপি; মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.