Ratna Award of Prakritipremi Mancha: ৭ গৰাকী ব্যক্তিলৈ বিশেষ সন্মান প্ৰকৃতিপ্ৰেমী মঞ্চৰ - Special award of Prakritipremi Mancha

🎬 Watch Now: Feature Video

thumbnail

By

Published : Nov 24, 2022, 4:49 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

ৰাজ্যজুৰি পালন কৰা হৈছে বীৰ লাচিত বৰফুকনৰ ৪০০ বছৰীয়া জন্ম জয়ন্তী (Lachit Borphukan 400th birth anniversary)। লাচিত দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে নানান কাৰ্যসূচী ৰূপায়ণ কৰিছে । এই বিশেষ দিনটোতে প্ৰকৃতিপ্ৰেমী মঞ্চ অসমে সমাজৰ বিভিন্ন দিশত সেৱা আগবঢ়োৱা ৭ গৰাকী বৰেণ্য ব্যক্তিক বিশেষ বঁটা প্ৰদান কৰে (Special award of Prakritipremi Mancha)। সংগঠনটোৱে মৰিগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা অসমৰ বিশিষ্ট সাহিত্যিক নৰেন্দ্ৰ নাথ কেওঁটক সাহিত্য ৰত্ন বঁটা প্ৰদান কৰে । বিশিষ্ট সমাজকৰ্মী তথা সাংবাদিক ড° বিৰিঞ্চি কুমাৰ শৰ্মাক সমাজ ৰত্ন বঁটা প্ৰদান কৰা হয় । একেদৰে বিশিষ্ট পৰিৱেশ কৰ্মী, অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক দিবাকৰ বৰদলৈক পৰিৱেশ ৰত্ন বঁটা, বিশিষ্ট সংগীত শিল্পী তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভৱেন চন্দ্ৰ পাটৰক সংগীত ৰত্ন বঁটা, তিৱা কৃষ্টিৰ একনিষ্ঠ সাধক, সৰ্ববাদ্য বিশাৰদ বিকুল আমচিলৈ তিৱাকৃষ্টি ৰত্ন বঁটা, যুৱ প্ৰজন্মৰ জনপ্ৰিয় কবি, সাহিত্যিক তথা শংকৰদেৱ প্ৰকাশনৰ মধ্যমণি নীলাভ সৌৰভলৈ কাব্য ৰত্ন বঁটা আৰু নিষ্ঠাবান চিকিৎসক ডাঃ অমৰজোতি ডেকালৈ স্বাস্থ্য ৰত্ন বঁটা আগবঢ়ায় ৷ প্ৰকৃতিপ্ৰেমী মঞ্চ অসমে উক্ত প্ৰতিগৰাকী বিশিষ্ট ব্যক্তিৰ বাসগৃহত উপস্থিত হৈ এই বঁটাসমূহ প্ৰদান কৰে ।
Last Updated : Feb 3, 2023, 8:33 PM IST

For All Latest Updates

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.