Teok Poor Road Condition: "প্ৰতিশ্ৰুতি দিলেই নহ’ব, হাতে কামে কৰিবও লাগিব" - locals demand construction of road
🎬 Watch Now: Feature Video
টীয়ক, 22 জুন: উন্নয়ন আৰু বিকাশ ক’ত ? গ্ৰামাঞ্চলসমূহত প্ৰকৃততে উন্নয়ন হৈছেনে ? কেৱল শ্লোগান আৰু হৰ্ডিঙতে সীমাৱদ্ধ নেকি উন্নয়ন? ৰাজ্য চৰকাৰৰ ইটোৰ পিচত সিটো আঁচনি মুকলি কৰাৰ পিচতো উন্নয়নৰ মুখ নেদেখা টীয়কৰ এইখন ভিতৰুৱা গাঁও বনাই ন-পমুৱা গাঁও। দীৰ্ঘদিন ধৰি পথটোৰ দুৰৱস্থাই জীয়াতু ভুগাইছে স্থানীয় ৰাইজক ৷
এজাক বৰষুণ দিলেই পথটোৰে অহা-যোৱা কৰিব নোৱাৰে কোনো লোকে ৷ পথটোৰ মেৰামতিৰ বাবে জনপ্ৰতিনিধিৰ ওচৰত তাঁত বাতি কৰি ভাগৰি পৰিছে গাঁৱৰ লোক । যাৰ বাবে বৃহস্পতিবাৰে গাঁওবাসীয়ে পথৰ মাজতে ভূঁই ৰুই কৰিলে অভিনৱ প্ৰতিবাদ। পথটোৰ এনে দুৰৱস্থাৰ বাবে অঞ্চলটোৰ বিদ্যালয়লৈ আহ-জাহ কৰা ছাত্ৰ-ছাত্ৰীৰ লগতে ৰোগীকো অনা নিয়া কৰিবলৈ যমৰ যাতনা ভুগিব লাগে গাঁওবাসীয়ে ৷
উন্নয়নৰ ফঁটা ঢোল বজোৱা চৰকাৰখনক অনতি পলমে পথটো মেৰামতি কৰি ৰাইজৰ যাতায়ত সুচল কৰি দিবলৈ আহ্বান জনাইছে ভুক্তভোগী ৰাইজে।
লগতে পঢ়ক: Fire Break out: আমগুৰিত বিধ্বংসী অগ্নিকাণ্ড; কথমপি প্ৰাণ ৰক্ষা এজনৰ