Poor road condition: জোনাইৰ ব্যস্ত এক পথৰ বিধস্ত অৱস্থাই উদঙাইছে ৰাজ্যৰ উন্নয়নৰ স্বৰূপ - যাতায়তৰ বাবে অনুপযোগী

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 13, 2023, 2:04 PM IST

জোনাই, 13 জুন : ৰাজ্যৰ এটি পথৰ নাজল-নাথল অৱস্থা ৷ পথাৰ সদৃশ পথটোৱে জ্বলা-কলা খোৱাইছে সৰ্বসাধাৰণক ৷ জোনাইৰ ৰামধন দিখাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত বগৰীগুৰী সাপ্তাহিক বজাৰৰ পৰা বদলপুৰ আদিলৈ যোৱা ব্যস্ত সংযোগী পথটোৰ দুৰৱস্থাই হাৰাশাস্তিত ভোগাইছে স্থানীয় ৰাইজক । জোনাইৰ 515 নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী বগৰীগুৰীৰ সাপ্তাহিক বজাৰৰ পৰা বগৰীচাপৰি, তাকাবাৰী, মধ্যপুৰ 1 আৰু 2 নং বদলপুৰ, তাকুৰিগুৰি, বিষ্ণুপুৰ ,কৈলাআলি, কেকন দিখাৰী, মেছাকী, মলান, কৈলাআলি বিষ্ণুপুৰ, আদিকে ধৰি প্ৰায় 30 খনৰো অধিক গাঁৱলৈ যোৱা প্ৰায় দুই কিলোমিটাৰ দৈৰ্ঘৰ পথছোৱাৰ বিধস্ত অৱস্থাই ৰাইজক যাতায়তৰ ক্ষেত্ৰত বহু সমস্যাত ভোগোৱা পৰিলক্ষিত হৈছে ৷ 

সাধাৰণ এজাক বৰষুণতে পথছোৱা হৈ পৰে যাতায়তৰ বাবে অনুপযোগী ৷ তদুপৰি পথটোৰ বাবেই জৰুৰীকালীন সেৱা আদায়ৰ পৰাও বঞ্চিত হৈ আহিছে স্থানীয় ৰাইজ ৷ পথছোৱা পকীকৰণৰ বাবে চৰকাৰ কিম্বা স্থানীয় জনপ্ৰতিনিধিক বহুবাৰ আবেদন জনোৱা হ’ল যদিও আজি পৰ্যন্ত পথটোৰ বাবে কোনো ব্যৱস্থাই হাতত নল’লে বুলি আক্ষেপ প্ৰকাশ কৰি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ৷ দুৰ্ভাগ্যজনক বিষয় যে, প্ৰতিটো নিৰ্বাচনৰ সময়ত বৃহত্তৰ অঞ্চলটোলৈ বোকা-পানী গছকি বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থীয়ে বিভিন্ন ভুৱা প্ৰতিশ্ৰুতিৰে ৰাইজৰ ভোট আদায় কৰে যদিও জয়ী হোৱাৰ পিচতে প্ৰাক-নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ নকৰে বুলি জানিবলৈ দিয়ে ভুক্তভোগী ৰাইজে ৷ 

লগতে পঢ়ক : water explosion in Guwahati : ৰাইজে নিজৰ ব্যৱস্থা নিজেই লওক;মীৰা বৰঠাকুৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.