thumbnail

By

Published : Jun 15, 2023, 10:31 PM IST

ETV Bharat / Videos

Poor electricity connection: বিপদজনকভাৱে বিদ্যুৎ যোগান

বঙাইগাঁও,১৫ জুন: বিদ্যুতৰ মাচুল বৃদ্ধি কৰি সাধাৰণ ৰাইজক মাধমাৰ সোধাই আহিছে বিদ্যুৎ বিভাগে । চৰকাৰে ৰাজহৰ ঘাটি পূৰণ কৰিবলৈ বিভিন্ন শিতানত অহৰহ কৰৰ বোজা ৰাইজৰ মূৰত জাপি দি আহিছে । এই ক্ষেত্ৰত পিছ পৰি থকা নাই বিদ্যুৎ বিভাগ । ডিজিটেল মিটাৰৰ নামতো জ্বলাকলা খুৱাইছে ৰাজ্যবাসীক ।

পিছে বঙাইগাঁও জিলাৰ বিজনী বিদ্যুৎ উপ সংমণ্ডলৰ অন্তৰ্গত ঝাউবাৰী, নোৱাগাঁৱত বিদ্যুৎ বিভাগৰ কাণ্ড দেখি হতভম্ব হ'ব সকলো । গাঁও দুখনত বাঁহৰ খুঁটাৰে সংযোগ কৰা হৈছে উচ্চ ক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ । যিকোনো মূহুৰ্ততে দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে । ঠায়ে ঠায়ে হাতেৰে চুই চাব পৰা যাব তাঁৰ । ৰাইজে অভিযোগ কৰা মতে ৪০/৫০ বছৰ আগতে সংযোগ কৰা খুঁটি, তাঁৰ আজিও পৰিৱৰ্তন ন'হল । শীঘ্ৰেই বিদ্যুতৰ খুঁটি আৰু তাঁৰবোৰ পৰিৱৰ্তন কৰিবলৈ আহ্বান জনাইছে ৰাইজে । 

লগতে পঢ়ক: Assam cabinet decisions: MBBS পাঠ্যক্ৰমত ছয় জনগোষ্ঠীৰ বাবে সংৰক্ষিত আসনৰ সংখ্যা বৃদ্ধি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.