Demanding OPS : ৰাজ্যত NPS কৰ্মচাৰীৰ পুতৌজনক অৱসৰকালীন অৱস্থা - National Pension Scheme
🎬 Watch Now: Feature Video

ৰঙিয়া, ১৬ মাৰ্চ : ৰাজ্যত ২০১৩ চনত পদ প্ৰাদেশিকীকৰণ হোৱা শিক্ষক-কৰ্মচাৰীসকলৰ অৱসৰকালীন অৱস্থা পুতৌজনক (poor conditions of NPS pensioners) । ২৮-৩০ বছৰ বিনা বেতনে সেৱা আগবঢ়োৱাৰ পিছত নতুন পেঞ্চন নীতিৰ আওতালৈ আনি পদ প্ৰাদেশিকীকৰণ কৰা এইসকল শিক্ষক-কৰ্মচাৰীয়ে এবছৰ বা দুবছৰৰ পাছতে অৱসৰ গ্ৰহণ কৰে (National Pension Scheme) । কিন্তু অৱসৰৰ পিছত গ্ৰেচুইটীৰ কোনো ধন লাভ নকৰিলে ।
পেঞ্চনৰ নামতো পাঁচশ- এহাজাৰ টকাহে লাভ কৰি আহিছে । ৰঙিয়াত সংবাদমেলযোগে এই তথ্য সদৰী কৰে নৱ প্ৰাদেশীকৃত সদৌ অসম প্ৰাথমিক অৱসৰপ্ৰাপ্ত শিক্ষক-কৰ্মচাৰী সংস্থাই (Assam employees demanding OPS) । সংগঠনটোৰ হৈ প্ৰধান সম্পাদক কন্দৰ্পেশ্বৰ শৰ্মা আৰু যুটীয়া সম্পাদক যাদৱ কলিতাই সংবাদ মাধ্যমক সম্বোধন কৰে । সংবাদমেলযোগে নেতৃবৃন্দই ৰাজ্যৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী তথা তদানীন্তন শিক্ষা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্য কৰি কয় যে ২০০০ চনৰ সময়সীমাৰ ১০-১২ বছৰ আগতেই বিভাগীয় অনুমতি তথা স্বীকৃতি এই বিদ্যালয়সমূহৰ লগতে শিক্ষকসকলেও লাভ কৰিছে ।
বহু শিক্ষকে ২০০০ চনৰ পূৰ্বে বিভাগীয় ষ্টাইপেন লাভ কৰিছে । আনকি ছাৰ্ভিচ বুকতো পৰিচালনা সমিতিয়ে নিযুক্তি দিয়া সময়ৰ পৰা বিভাগীয়ভাৱে অনুমোদিত । তৎসত্ত্বেও এইসকল শিক্ষক-কৰ্মচাৰী কিয় পুৰণি পেঞ্চন, গ্ৰেচুইটীৰ সুবিধাৰ পৰা বঞ্চিত বুলি প্ৰশ্ন উত্থাপন কৰে । ইফালে শীঘ্ৰে এইক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে নেতৃবৃন্দই । অন্যথা আত্মজাহৰ দৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হোৱাৰো হুংকাৰ দিয়ে ।
লগতে পঢ়ক :Assam budget 2023: বাজেটত ৰাইজলৈ কি বতৰা আনিব ঋণগ্ৰস্ত চৰকাৰে ?