Tea Tribes Cultural Centre Dibrugarh: সোণোৱালে মুকলি কৰা উদ্যান ভৰিছে হাবি-জংঘলেৰে, চাহ জনগোষ্ঠীয় নেতাক অপমানৰ অভিযোগ

By ETV Bharat Assamese Team

Published : Oct 6, 2023, 6:50 PM IST

thumbnail

ডিব্ৰুগড়, 6 অক্টোবৰ: অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছাৰ প্ৰতিষ্ঠাপক সভাপতি-সম্পাদক আছিল ছাইমন সিং হৰ' আৰু সন্তোষ কুমাৰ তপ্প' । এই দুগৰাকী মহান নেতাৰ স্মৃতি উজ্জীৱিত কৰি ৰখাৰ বাবে ডিব্ৰুগড়ৰ চাউলখোৱাত নিৰ্মাণ কৰা হৈছিল এখন উদ্যান ৷ অসমৰ দুগৰাকী চাহ জনগোষ্ঠীয় নেতা ছাইমন সিং হৰ' আৰু সন্তোষ কুমাৰ তপ্প'ৰ স্মৃতি উদ্যান নিৰ্মাণ কৰিছিল তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল চৰকাৰে ৷ ২০২০ চনৰ ১৪ জুলাইত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আনুষ্ঠানিকভাৱে মুকলি কৰিছিল উক্ত স্মৃতি উদ্যানখন ৷ কিন্তু চৰম লজ্জাজনক বিষয় হ'ল যে মুকলি কৰা মাত্ৰ দুবছৰ পাছতেই এতিয়া মহান নেতা দুয়োগৰাকীৰ স্মৃতি উদ্যানখন এৰাবাৰীলৈ পৰিণত হৈছে ৷ হাবি-জংঘলেৰে ভৰি পৰিছে উদ্যানখনৰ চৌপাশ ৷ দৰ্শনাৰ্থী বাবে উদ্যানখনত থকা বহু অত্যাধুনিক সা-সৰঞ্জামো এতিয়া হাবিৰে আগুৰি ধৰিছে ৷ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ বিষয়-ববীয়াসকলেও এইক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ৷ চাহ জনগোষ্ঠীৰ জাতীয় জীৱনৰ দুয়োগৰাকী মহান ব্যক্তিৰ নামত উৎসৰ্গিত হোৱা উদ্যানখনৰ এনে অৱস্থা দেখি এতিয়া সচেতন ৰাইজে ক্ষোভ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: Flood in Guwahati City: উৰণ সেতু নিৰ্মাণেৰে উন্নয়ন নহয়; মুখ্যমন্ত্ৰীক কটাক্ষ সাংসদ অজিত ভূঞাৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.