Dilapidated road in Dergaon : উন্নয়ন পৰাৰ বঞ্চিত দেৰগাঁও সমষ্টিবাসী; বিধ্বস্ত পথে জ্বলা-কলা খুৱাইছে ৰাইজক - Poor condition of road in Dergaon

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jun 14, 2023, 3:35 PM IST

যোৰহাট, 14 জুন: বোকা আৰু বিধস্ত পথেৰে যাতায়ত কৰিব লগা হৈছে দেৰগাঁও সমষ্টিবাসীয়ে ৷ সমষ্টিৰ উন্নয়নত গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় বিধায়কৰ বিৰুদ্ধে ৷ দেৰগাঁও সমষ্টিৰ বিভিন্ন অঞ্চলত বাট-পথৰ দুৰৱস্থাই জ্বলা-কলা খুৱাইছে সমষ্টি বাসী ৰাইজক ৷

দেৰগাঁও সমষ্টিৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা শীতল পথাৰ সংযোগী মূল পথৰ দুৰৱস্থাৰ বাবে নৰক যান্ত্ৰণা ভুগিব লগীয়া হৈছে ৰাইজে ৷ এজাক বৰষুণতে এই পথটো বোকাময় হৈ পৰাৰ বাবেই যাতায়তৰ ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হয় ৰাইজ ৷ এই পথটোৰ বাবেই বছৰ‌-বছৰ ধৰি নৰক যান্ত্ৰণাত ভুগিবলগীয়ালগীয়া হৈছে স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে সৰ্ব সাধাৰণ ৰাইজে ৷  

স্থানীয় বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালী, বিভাগীয় কৰ্তৃপক্ষক বাৰম্বাৰ অৱগত কৰা পাছতো এই ক্ষেত্ৰত তেওঁলোকে নিৰ্লিপ্ত ভূমিকা পালন কৰি অহাৰ অভিযোগ উথ্থাপিত হৈছে ৷ শীঘ্ৰেই লোক নিৰ্মাণ বিভাগৰ অধীনত থকা এই গুৰুত্বপূৰ্ণ পথছোৱা নিৰ্মাণৰ দাবী জনাইছে স্থানীয় ৰাইজে ৷

লগতে পঢ়ক: Nalbari veterinary hospital: ঘন জংঘলে আৱৰি জহি-খহি গ’ল নলবাৰীৰ এখন পশু চিকিৎসালয়

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.