Poor road condition : কামপুৰ-বৈঠালাংছু পথত মৰণফান্দ; ৰাজপথত সৃষ্টি পুখুৰীসদৃশ গাঁত - সৃষ্টি হৈছে পুখুৰী সদৃশ বৃহৎ বৃহৎ গাঁতৰ
🎬 Watch Now: Feature Video


Published : Oct 31, 2023, 12:51 PM IST
বঢ়মপুৰ, 31 অক্টোবৰ : পথ নে পথাৰ ধৰিবই নোৱাৰি ৷ কিয়নো নগাঁও জিলাৰ কামপুৰৰ পৰা বৈঠালাংছু হৈ পশ্চিম কাৰ্বি আংলং জিলাক সংযোগ কৰা সদাব্যস্ত গুৰুত্বপূৰ্ণ পথটোত সৃষ্টি হৈছে পুখুৰী সদৃশ বৃহৎ বৃহৎ গাঁতৰ । ৰাজপথত সৃষ্টি হোৱা এই পুখুৰী সদৃশ গাঁতৰ ফলত উক্ত স্থানত ইতিমধ্যে বহুতো দুৰ্ঘটনা সংঘটিত হৈছে ৷ সেয়ে এই পথচোৱা মেৰামতি কৰি দিবলৈ বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছে স্থানীয় ৰাইজৰ লগতে পথচাৰীয়ে ৷
স্থানীয় ৰাইজৰ অভিযোগ, নগাঁও জিলাৰ কামপুৰৰ পৰা বৈঠালাংছু হৈ পশ্চিম কাৰ্বি আংলং জিলাক সংযোগ কৰা এই সদাব্যস্ত গুৰুত্বপূৰ্ণ পথটো মেৰামতি কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষই যিদৰে পদক্ষেপ ল’ব লাগিছিল, সেই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৷ এজাক বৰষুণতে একাঠু পৰ্যন্ত পানীৰে উপচি পৰে উক্ত পথচোৱাত ৷ ফলত বাৰিষাত যমৰ-যাতনা ভোগ কৰিব লাগে পথচাৰীয়ে ৷