Turtle rescue in Samaguri: চামগুৰিৰ খাটোৱালত দুটাকৈ দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছ উদ্ধাৰ

By

Published : Apr 4, 2023, 7:18 AM IST

thumbnail

চামগুৰি, 4 এপ্ৰিল: চামগুৰিৰ খাটোৱালত দুষ্প্ৰাপ্য প্ৰজাতিৰ কাছ উদ্ধাৰ ৷ চোৰাংকৈ সৰবৰাহ কৰিবলৈ লোৱা দুটাকৈ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰকাছ উদ্ধাৰ কৰে আৰক্ষীয়ে (Rescues rare species of turtles in Samaguri) ৷

দুৰ্বৃত্তই কলঙত জাল পেলাই আবদ্ধ কৰি চোৰাংকৈ সবৰাহৰ চেষ্টা চলাইছিল প্ৰায় ১২ কেজি ওজনৰ দুটা বৰকাছ ৷ গোপন সূত্ৰৰ পৰা পোৱা খবৰৰ ভিত্তিত খাটোৱাল আৰক্ষীয়ে তৎপৰতাৰে অভিযান চলাই উদ্ধাৰ কৰে আঘাতপ্ৰাপ্ত কাছ দুটা (Rare species of tortoises rescued from smugglers) ৷ কিন্ত আৰক্ষীৰ অভিযানৰ উমান পাই পলায়ন কৰে দুৰ্বৃত্তই ৷

পৰৱৰ্তী সময়ত আঘাতপ্ৰাপ্ত কাছ দুটা বন বিভাগক চমজাই দিয়ে আৰক্ষীয়ে ৷ ইয়াৰ পাছতে আঘাতপ্ৰাপ্ত কাছ দুটাৰ চিকিৎসাৰ ব্যৱস্থা কৰিছে বন বিভাগৰ লোকে ৷ চিকিৎসাৰ পাছত কোনো উপযুক্ত স্থানত কাছ দুটা মুকলি কৰি দিয়া হ'ব বুলি জনাইছে বন বিভাগৰ বিষয়াই (Tortoise rescued from smugglers in Samaguri) ৷

ইফালে ঘটনা সন্দৰ্ভত সন্দেহৰ ভিত্তিত দুজনক খাটোৱাল আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে (Turtle Rescue in Samaguri) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.