Missing in Nalbari: এমাহৰ অন্তত উদ্ধাৰ নলবাৰীৰ নিৰুদ্দিষ্ট কিশোৰক - Police rescued teenager

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 29, 2023, 10:25 PM IST

নলবাৰী, ২৯ এপ্ৰিল: নলবাৰী জিলাৰ চ'কবজাৰৰ নিৰুদ্দিষ্ট কিশোৰক উদ্ধাৰ আৰক্ষীৰ । প্ৰায় এমাহ তিনিদিনৰ অন্তত শনিবাৰে নলবাৰী আৰক্ষীয়ে উদ্ধাৰ কৰে কিশোৰজনক । উল্লেখযোগ্য যে, যোৱা ২৬ মাৰ্চৰ পৰা নিখোজ হৈ আছিল (Police rescued teenager)। বন্ধুৰ লগত ফুৰিবলৈ যোৱাৰ পিছতে নিৰুদ্দেশ হৈ পৰিছিল কিশোৰজন । তাৰ পিছতে কিশোৰজনৰ মাতৃয়ে বন্ধুৰ নাম উল্লেখ কৰি নলবাৰী সদৰ থানাত দাখিল কৰিছিল এখন এজাহাৰ ।

আৰক্ষীয়ে এজাহাৰত উল্লেখ কৰা ফুৰাবলৈ লৈ যোৱা বন্ধুজনক ইতিমধ্যেই গ্ৰেপ্তাৰ কৰি জে'ল হাজোতলৈ প্ৰেৰণ কৰিছিল । আজি নলবাৰী সদৰ আৰক্ষীৰ টাউন উপ পৰিদৰ্শক দীপজ্যোতি শৰ্মাৰ নেতৃত্বত চলা অভিযানত উদ্ধাৰ কৰা হয় নিৰুদ্দিষ্ট কিশোৰজনক ৷ আনহাতে, কিশোৰজনৰ মাতৃয়ে অভিযোগ উত্থাপন কৰা অভিযুক্তৰ পৰিয়ালে পূৰ্ৱৰে পৰা কিশোৰজনে আত্মগোপন কৰি থকাৰ কথা ব্যক্ত কৰে (Teenager missing case in Nalbari)।

লগতে পঢ়ক:Tinsukia rape case: ধৰ্ষণকাৰী বিজেপি নেতা সমুদ্ৰ ৰায় লিম্বুক লুকুৱাই ৰাখিছে নেকি চৰকাৰৰ লোকে; আপৰ প্ৰশ্ন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.