Illegal Cattle Smuggling: পেট্ৰ’ল কঢ়িওৱা টেংকাৰত উদ্ধাৰ ১৬ টাকৈ পশুধন - পশুধনৰ চোৰাং বেহা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/28-09-2023/640-480-19632065-thumbnail-16x9-assam.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Sep 28, 2023, 8:10 PM IST
বিশ্বনাথ, ২৮ ছেপ্টেম্বৰ: বিশ্বনাথ জিলা বিহালী আৰক্ষীয়ে মঙলবাৰে অভিযান চলাই চোৰাংকৈ সৰবৰাহৰ চেষ্টা কৰা ১৬ টাকৈ পশুধন উদ্ধাৰ কৰে । অৰুণাচল পৰা বৰপেটা অভিমুখে গৈ থকা অৱস্থাত বিহালী আৰক্ষীয়ে অভিযান চলাই পশুধনকেইটা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীৰ চকুত ধূলি দিয়াৰ উদ্দেশ্যৰে গৰুৰ চোৰাং সৰবৰাহকাৰীয়ে এইবাৰ ট্ৰাকৰ সলনি পেট্ৰ’ল সৰবৰাহ কৰা টেংকাৰ ব্যৱহাৰ কৰে যদিও ব্যৰ্থ হয় ৷
উল্লেখ্য যে, ৰাজ্যত আৰক্ষী সক্ৰিয় হৈ থকাৰ পিচতো অব্যাহত আছে পশুধনৰ চোৰাং বেহা । বিশেষকৈ মধ্য অসমৰ শোণিতপুৰ আৰু বিশ্বনাথ জিলাত গৰুৰ চোৰাং বেহা অব্যাহত ৰাখিছে একাংশ চোৰাং ব্যৱসায়ীয়ে । মঙলবাৰে পুৱা প্ৰায় ৫ মান বজাত বিশ্বনাথ জিলা আৰক্ষীৰ সহযোগত বিহালী আৰক্ষীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই পেট্ৰ’লৰ কঢ়িওৱা টেংকাৰৰ পৰা পশুধন কেইটা জব্দ কৰিবলৈ সক্ষম হয় ।
অৱশ্যে সুযোগ বুজি টেংকাৰখনৰ চালক আৰু হেণ্ডিমেন পলায়ন কৰিবলৈ সক্ষম হয় । আৰক্ষী জব্দ কৰা টেংকাৰখনৰ নম্বৰ হৈছে AS 09 C 0663 ।
লগতে পঢ়ক: Cattle Smuggling: ডিগবৈত চোৰাংভাৱে সৰবৰাহ কৰা 23 টা গৰুসহ বাহন জব্দ