thumbnail

By

Published : Mar 31, 2023, 3:18 PM IST

ETV Bharat / Videos

Police officer dances bihu: কৰ্তব্যৰ মাজতে কঁকাল ঘূৰালে মহিলা আৰক্ষীয়ে

যোৰহাট,৩১ মাৰ্চ: ব'হাগলৈ দিনচেৰেক । ৰঙালীক আদৰৰাৰ প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে প্ৰতিজন অসমীয়া (Rangali bihu 2023) । ঢোল-পেঁপাৰ মাতত গাত তত নোহোৱা হৈছে ডেকা-গাভৰুৰ (Bihu practice in Assam) । নহ'বনো কিয় ঢোল-পেঁপাৰ মাতেই যে অমিয়া । ঢোল মাত শুনি ৰৈ থাকিব নোৱাৰিলে জনতাৰ সুৰক্ষাৰ দায়িত্বত থকা মহিলা আৰক্ষীও । যোৰহাটৰ মৰিয়নিত বিহুৰ কৰ্মশালাত কঁকাল ঘূৰাই নাচিলে মৰিয়নী থানাৰ এগৰাকী মহিলা উপ পৰিদৰ্শকে (Police officer dances bihu in Morioni) ।  

যোৰহাট জিলা মৰিয়নিৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হৈছে বিহু নৃত্য আৰু ঢোলবাদনৰ কৰ্মশালা । মৰিয়নি মাকো মহিলা চ'ৰাৰ উদ্যোগত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে বিহুৰ কৰ্মশালা (Bihu workshop in Morioni) । মাকো মহিলা চ'ৰাৰ উদ্যোগত দহ দিনীয়াকৈ অনুষ্ঠিত কৰা কৰ্মশালাত অংশগ্ৰহণ কৰিছে বৃহত্তৰ অঞ্চলটোৰ প্ৰায় অৰ্ধশতাধিক কিশোৰ-কিশোৰী, যুৱক-যুৱতীয়ে ।  

নিজ কৰ্তব্য পালনৰ মাজতে মৰিয়নি থানাৰ এচ আই নলনী কোঁচে এনেদৰে কৰ্মৰ ব্যস্ততা মাজতে এপাক বিহু নাচি মতলীয়া হোৱা দেখা গ’ল বিহুতলীত । সম্প্ৰতি সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছে এই দৃশ্য । উল্লেখ্য যে ক’ভিড বাবে ৰাজ্যবাসীয়ে নিয়ম মাফিক ভাবে অসমীয়া বাপতি সাহোন বিহু পালন কৰিছিল কিন্তু এইবাৰ উক্ত মহামাৰীৰ পৰা ৰাজ্যবাসী মুক্ত । ফলত দুগুণ উৎসাহেৰে ৰাজ্যবাসীয়ে পূৰ্ণোদ্যমেৰে পালন কৰিবলৈ সাজু হৈছে বাপতি সাহোন ৰঙালী বিহু ।  

ৰাজ্য বিভিন্ন প্ৰান্তত আৰম্ভ হৈছে বিহু নাচ আৰু ঢোলবাদন কৰ্মশালা । পিছে বিহু মৰাৰ পৰা প্ৰায়ে আঁতৰি থাকিবলগীয়া হয় কৰ্তব্যৰত আৰক্ষীসকল । সেয়ে নিজৰ কৰ্তব্য মাজতে আৰক্ষী বিষয়াগৰাকীয়ে এপাক বিহু নাচি কৰ্মশালাত অংশগ্ৰহণ কৰাৰ কিশোৰ-কিশোৰীসকলক উৎসাহিত কৰে । মহিলা আৰক্ষী বিষয়াগৰাকীৰ বিহু নাচে বৰ্তমান সকলো লোককে আকৰ্ষিত কৰিছে । 

লগতে পঢ়ক: Guinness Book of World Records: অভিলেখ গঢ়াৰ ক্ষণত সাক্ষী হ'ব মৰিয়নিৰ ২০০ গৰাকী বিহুৱা-বিহুৱতী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.