thumbnail

By

Published : Jun 6, 2023, 3:32 PM IST

ETV Bharat / Videos

Police Goondaraj in Tihu : টিহুত আৰক্ষীৰ গুণ্ডাৰাজ; ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকচালকক প্ৰহাৰ

বাক্সা, ৬ জুন : নলবাৰী জিলাৰ টিহুৰ নাথকুছিত ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত উত্তপ্ত পৰিস্থিতি (tense situation in 31 national highway) । নিশা ২ বজাত এজন আৰক্ষীয়ে ট্ৰাকচালকক প্ৰহাৰ কৰাক লৈ পুৱা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে ট্ৰাকচালকসকলে (police alleged to beaten truck driver) । ফলত মুহূৰ্ততে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ।

অভিযোগ অনুসৰি, আৰক্ষীৰ লোকজনে তালাচীৰ নামত নিশা ২ বজাত ধুবুৰীৰ এজন চালকৰ পৰা ধন বিচাৰে । কিন্তু এই ধনৰ ১৬ হাজাৰ টকা ব্যক্তিগত গুগল পে'ত আৰু ৪ হাজাৰ টকা তেওঁ নগদ লোৱাৰ অভিযোগ উত্থাপন হৈছে । ইফালে নিশা পেট্ৰ'লিঙত থকা আৰক্ষীয়ে চালকজনক মাৰধৰ কৰাক লৈ মঙলবাৰে পুৱাতে ট্ৰাকচালকসকলে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে (Police Goondaraj in Tihu) । ঘটনাস্থলীত নলবাৰী জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিং উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে (truck driver protest in 31 national highway) ।

উল্লেখ্য, নিশা হ'লেই ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীয়ে ট্ৰাকৰ পৰা অবৈধভাৱে কৰ সংগ্ৰহ কৰাক লৈ ক্ষোভিত হৈ পৰে চালকসকল । ক্ষোভিত চালকসকলে অসম আৰক্ষী গ' বেক ধ্বনিৰে প্ৰতিবাদস্থলী উত্তপ্ত কৰি তোলে । জানিব পৰা মতে, আৰক্ষীয়ে মাৰধৰ কৰা চালকজনৰ নাম জেহেৰুল ইছলাম । আনহাতে, ঘটনাৰ লগত জড়িত বিষয়াগৰাকীৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে আৰক্ষী অধীক্ষকজনে ।

লগতে পঢ়ক :BJP internal conflict : যোৰহাট বিজেপিত বিসম্বাদ; পুনৰ তিনি বিজেপি কৰ্মীৰ পদত্যাগ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.