Miscreants Terror : পুতলা পিষ্টল লৈ ৰাষ্ট্ৰীয় ঘাইপথত ধন সংগ্ৰহ কৰা দুৰ্বৃত্তক আটক আৰক্ষীৰ

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 9:20 PM IST

thumbnail

যোৰহাট, 18 অক্টোবৰ : যোৰহাটত বাৰে বাৰে আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই দুৰ্বৃত্তই সন্ত্ৰাস চলোৱাৰ অভিযোগ উথাপিত হৈছে ৷ যোৰহাটত দিন দুপৰতে ধন দাবীৰ দৰে কাৰ্যত লিপ্ত থকা একাংশৰ বিৰুদ্ধে বুধবাৰে পুলিবৰ আৰক্ষীয়ে চলাই এক অভিযান ৷ এই অভিযানত পুলিবৰ আৰক্ষীয়ে পুতলা পিষ্টলসহ ধন দাবী কৰা দুই দুৰ্বৃত্তক আটক কৰে ৷

পুলিবৰ আৰক্ষী জালত পৰা দুৰ্বৃত্তক কেইটা মানস প্ৰতিম দাস আৰু ৰক্তিম দাস বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে, এই দুৰ্বৃত্ত দুটাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গৰু সৰবৰাহ কৰা গাড়ী ধৰি পোন প্ৰথমে ধন দাবী কৰে ৷ যদি দাবী কৰা ধন নিদিয়ে তেতিয়া পুতলা পিষ্টল দেখুৱাই দাবী-ধমকি প্ৰদান কৰে ৷ ফলত উপায়ন্তৰ হৈ দাবী কৰা ধন দিবলৈ বাধ্য হৈ পৰে ভুক্তভোগীয়ে ৷  

আটকাধীন দুৰ্বৃত্ত কেইটাই ঘন জংঘলত লুকুৱাই ৰখা এটা পুতলা পিষ্টল আৰক্ষীয়ে উদ্ধাৰ কৰে ৷ বুধবাৰে আৰক্ষীয়ে হাতে-লোটে আটক কৰে দুৰ্বৃত্ত কেইটাক ৷ জানিব পৰা মতে আটকাধীন মানস প্ৰতিম দাস নামৰ দুৰ্বৃত্তটোৱে প্ৰায় দুমাহ পূৰ্বে অনুৰূপ ঘটনাত গ্ৰেপ্তাৰ হৈ জেল হাজোতলৈ যাবলগীয়া হৈছিল ৷  

লগতে পঢ়ক : Manikpur BDO Suspended: প্ৰধানমন্ত্ৰী আৱাস যোজনাত অনিয়ম কৰি নিলম্বিত মানিকপুৰৰ খণ্ড উন্নয়ন বিষয়া

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.