Drunk police video viral: ড্ৰাই ডে’ ! ৰাজপথত দিন দুপৰতে ঢলং পলং আৰক্ষী জোৱান - গুৰুজনাৰ 575 সংখ্যক জন্ম জয়ন্তী
🎬 Watch Now: Feature Video
Published : Sep 24, 2023, 10:56 PM IST
মৰাণ, 24 ছেপ্টেম্বৰ : পুনৰ খাকী পোছাকত দাগ লগালে আৰক্ষীয়ে ৷ ৰাজ্য চৰকাৰে ড্ৰাই ডে’ ঘোষণা কৰা দিনটোতেই ডিব্ৰুগড়ত আৰক্ষীৰ নাক কাটিলে আৰক্ষীয়ে ৷
অসম চৰকাৰে প্ৰথমবাৰৰ বাবে শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী উপলক্ষে দেওবাৰে ড্ৰাই ডে’ ঘোষণা কৰা হৈছিল যাতে গুৰুজনাৰ 575 সংখ্যক জন্ম জয়ন্তী ৰাজ্যৰ সকলো প্ৰান্ততে ৰাইজে ভক্তিভাবেৰে পালন কৰিব পাৰে। কিন্তু ৰাজ্য চৰকাৰে ঘোষণা কৰা ড্ৰাই ডে’ৰ দিনটোতে ডিব্ৰুগড়ত এজন স্মাৰ্ট আৰক্ষীয়ে ডিঙিলৈকে সুৰাপান কৰি পালন কৰিলে ড্ৰাই ডে’।
আৰক্ষী জোৱানজনে ৰাজপথত ঢলং পলংকৈ যোৱা দেখি কোনো লোকে মোবাইলৰ কেমেৰাত বন্দী কৰি ভাইৰেল কৰিলে সমগ্ৰ দৃশ্য। ডিব্ৰুগড়ৰ পৰিবহন বিভাগৰ কাৰ্যালয়ৰ সমীপত এই ঘটনা সংঘটিত হৈছে যদিও বাতৰি লিখা সময়লৈকে আৰক্ষী জোৱানজনৰ পৰিচয় জানিব পৰা নাই । সামাজিক মাধ্যমত এই দৃশ্য ভাইৰেল হোৱাত এতিয়া জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।
লগতে পঢ়ক: Husband killed wife: পাৰিবাৰিক কন্দলৰ বাবে পত্নীক ডিঙি চেপি হত্যা স্বামীৰ