Bank fraud in police traps : মাজুলী আৰক্ষীৰ জালত ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ CEO - financial fraud in assam
🎬 Watch Now: Feature Video
মাজুলী, 12 আগষ্ট: পুনৰ মাজুলী আৰক্ষীৰ জালত পৰিল ভুৱা বিত্তীয় প্ৰতিষ্ঠানৰ মুখ্য কাৰ্যবাহী বিষয়া । YESS Money Digital নামৰ বিত্তীয় প্ৰতিষ্ঠানৰ CEO বনমালি হাজৰিকাক গোগামুখৰ পৰা আটক কৰে গড়মূৰ আৰক্ষীয়ে । উক্ত প্ৰতিষ্ঠানৰ 62 টাকৈ একাউণ্ট জব্দ কৰিছে গড়মূৰ আৰক্ষীয়ে । YESS Mony Digital নামৰ বিত্তীয় প্ৰতিষ্ঠানৰ জৰিয়তে বনমালি হাজৰিকাই প্ৰৱঞ্চনাৰ জাল পেলাইছিল বুলি অভিযোগ উত্থাপিত হৈছে ।
এক বিশেষ সূত্ৰে জানিব পৰা মতে পূৰ্বেও ভুৱা কাণ্ডৰ লগত জড়িত হৈ গুৱাহাটীত গ্ৰেপ্তাৰ হৈছিল বনমালি হাজৰিকা । প্ৰৱঞ্চকজনক সোধ-পোচ অব্যাহত ৰাখিছে গড়মূৰ আৰক্ষীয়ে । আনফালে মাজুলী আৰক্ষীয়ে কৰায়ত্ত কৰা বনমালী হাজৰিকাই কেমেৰাৰ আগত সকলো অভিযোগ মিছা তথা তেওঁৰ বিৰুদ্ধে উত্থাপিত হোৱা প্ৰৱঞ্চনাৰ অভিযোগ তথ্য সহকাৰে প্ৰমাণ কৰি দেখুৱাবলৈ কয় ৷
লগতে পঢ়ক: SBKF 8th international games : ডুবাইত চমক দেখুৱালে লখিমপুৰৰ মহিলাই, সোণৰ পদকেৰে সুনাম কঢ়িয়ালে দেশলৈ