ধৰ্ষণৰ গোচৰত অভিযুক্ত পলাতক কয়দীক নাগালেণ্ডৰ পৰা গ্ৰেপ্তাৰ আৰক্ষীৰ
🎬 Watch Now: Feature Video
Published : Jan 6, 2024, 10:53 PM IST
যোৰহাট, 6 জানুৱাৰী : বিগত বৰ্ষৰ 24 নৱেম্বৰত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ পৰা হেণ্ডকাফসহ পলায়ন কৰা ধৰ্ষণৰ গোচৰত অভিযুক্ত বৃন্দাবন বৰা নামৰ কয়দীটোক যোৰহাট আৰক্ষীয়ে নাগালেণ্ডৰ পৰা গ্ৰেপ্তাৰ কৰে । অভিযুক্ত বৃন্দাবন বৰাক ধৰ্ষণৰ গোচৰত ১০ বছৰ কাৰাদণ্ড বিহিছিল আদালতে ।
স্বাস্থ্যজনিত কাৰণত যোৱা 24 নবেম্বৰত JMCH ত ভৰ্তি কৰোৱা হৈছিল অভিযুক্ত বৰাক আৰু JMCH ৰ পৰাই সুযোগ বুজি হেণ্ডকাফসহ পত্নীৰ সহযোগত পলায়ন কৰে । পত্নীৰ সৈতে এটা কোঠাত আত্মগোপন কৰি থকা অৱস্থাত আৰক্ষীয়ে পতি-পত্নী দুয়োকে গ্ৰেপ্তাৰ কৰে ।
ধৰ্ষণৰ গোচৰত অভিযুক্ত কয়দী এটা হেণ্ডকাফ লগাই থোৱা অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয় পৰা পলায়ন কৰা ঘটনাই যোৰহাট আৰক্ষীৰ নিৰাপত্তাৰ দিশটোৰ প্ৰতি প্ৰশ্ন আনিছিল । দীৰ্ঘ সময়ৰ বিৰতিৰ পিচত অৱশেষত যোৰহাট আৰক্ষীয়ে নাগালেণ্ডৰ এক অজ্ঞাত স্থানত আত্মগোপন কৰি থকাৰ অৱস্থাত কয়দীটোক গ্ৰেপ্তাৰ কৰাৰ পিচত স্বত্বিৰ নিশ্বাস পেলাইছে আৰক্ষীয়ে ।
লগতে পঢ়ক : যোৰহাটত মন্ত্ৰী কেশৱ মহন্তক জবাবদিহি কৰিলে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে