Lifetime imprisonment to pocso accused : শিশু নিৰ্যাতনকাৰীক যাৱজ্জীৱন কাৰাদণ্ড যোৰহাট জিলা বিশেষ আদালতৰ - যোৰহাট জিলা বিশেষ ন্যায়াধীশ আদালত

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 12, 2023, 4:41 PM IST

যোৰহাট, ১২ ছেপ্টেম্বৰ : ৰাজ্যত বৰ্তমান সময়ত শিশু নিৰ্যাতনৰ সংখ্যা ক্ৰমবৰ্ধমান হাৰত বৃদ্ধি পোৱা ঘটনাই সকলোকে চিন্তিত কৰি তুলিছে, তেনে সময়তে যোৰহাট জিলা বিশেষ ন্যায়াধীশ আদালতৰ বিচাৰপীঠে শিশু নির্যাতনকাৰী তয়ৱ আলীক যাৱজ্জীৱন কাৰাদণ্ডৰ লগতে ৫০,০০হাজাৰ টকা জৰিমনা বিহে ৷ যোৰহাট জিলা বিশেষ ন্যায়ধীশ আদালতৰ ন্যায়াধীশ অনুৰাগ মিন্টু বৰাৰ বিচাৰপীঠে ১২ ছেপ্টেম্বৰত এই ঐতিহাসিক ৰায় প্ৰদান কৰে । শিশু নিৰ্যাতন ঘটনা সম্পৰ্কে ৫ জনকৈ লোকে সাক্ষ্যদান কৰিছিল ৷ তাৰ পিচতে শিশু নিৰ্যাতনকাৰী তৈয়ৱ আলীক যাৱজ্জীৱন কাৰাদণ্ড বিহে জিলা বিশেষ আদালতে।

তৈয়ৱৰ বিৰুদ্ধে Pocso আইনৰ অধীনত এক গোচৰ ৰুজু কৰিছিল যোৰহাট আৰক্ষীয়ে। এই গোচৰৰ তদন্তকাৰী বিষয়া আছিল মহিলা আৰক্ষী বিষয়া ভাগ্যশ্ৰী গগৈ। তাৎপৰ্যপূৰ্ণ যে মহিলা আৰক্ষী বিষয়া ভাগ্যশ্ৰী গগৈয়ে উক্ত গোচৰৰ অনুসন্ধান আৰু বিভিন্ন তথ্য পাতি আৰু সাক্ষ্যদান নিখুঁত আৰু সুচাৰুৰূপে লিপিবদ্ধ কৰি এক কঠোৰ কেচ ডায়েৰী আদালতত জমা দিছিল ৷

লগতে পঢ়ক: Dibrugarh road accident: ডিব্ৰুগড়ৰ দুৰ্ঘটনাৰ পিচতে মুখ্যমন্ত্ৰীৰ অধীনত থকা লোকনিৰ্মাণ বিভাগৰ বিৰুদ্ধে ক্ষোভ ৰাইজৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.