PMAY Scam : চৰকাৰী ঘৰ লাভৰ পৰা বঞ্চিত একাংশ প্ৰকৃত হিতাধিকাৰী

By

Published : Apr 9, 2023, 10:23 AM IST

thumbnail

কৰিমগঞ্জ,৯ এপ্ৰিল : ৰাজ্যৰ ভিন্ন প্ৰান্তত চৰকাৰী আঁচনিৰ নামত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠিছে (Govt scheme scam)। পঞ্চায়তৰ প্ৰতিনিধিসকলে দুৰ্নীতিৰ আশ্ৰয় লৈ একাংশ দৰিদ্ৰ লোকক চৰকাৰী আঁচনিৰ সুবিধাৰ পৰা বঞ্চিত কৰাৰ অভিযোগো উত্থাপন হৈছে । এইবাৰ কৰিমগঞ্জ জিলাৰ বিভিন্ন পঞ্চায়তত দুৰ্নীতি সংঘটিত হোৱা দেখা গৈছে । জিলাখনৰ বৰাখলাৰ ভাংগাৰপাৰ গাঁও পঞ্চায়তক চতুৰ্থ গংগাপাৰ চতুৰ্থ ব্লকৰ অধিকাংশ লোকেই অতি দুৰ্বিষহ জীৱন যাপন কৰিবলগীয়া হৈছে ।  

আশ্ৰয় বুলিবলৈ একোটা ভগা পঁজা আছে যদিও সেয়া তেওঁলোকৰ বাবে নিৰাপদ নহয় । চৰকাৰী আঁচনিৰো সুবিধা পোৱা নাই পৰিয়ালকেইটাই । ইয়াৰ মাজতে অভিযোগ উঠিছে যে প্ৰায় ৪০-৫০ টা পৰিয়ালে ধন নিদিয়াৰ বাবেই নাপালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ (Poor people deprived of govt scheme)।  

পঞ্চায়তৰ প্ৰতিনিধিয়ে চৰকাৰী ঘৰৰ আশ্বাস দিয়ে যদিও সেয়া আশ্বাস হৈয়ে থাকে । আনকি নিৰ্বাচন শেষ হোৱাৰ পাচত জন প্ৰতিনিধিও অঞ্চলটোৰ ৰাইজৰ খবৰ ল'বলৈ নাযায় । ভুক্তভোগী লোকসকলৰ অভিযোগ একাংশ দৰিদ্ৰ লোক চৰকাৰী ঘৰ লাভৰ পৰা বঞ্চিত হোৱাৰ বিপৰীতে ধনী শ্ৰেণীয়ে পাইছে চৰকাৰী ঘৰ আৰু আন আন সুবিধা (Panchayat representative corruption)। পঞ্চায়তৰ প্ৰতিনিধি আৰু ব্লকৰ বিষয়া-কৰ্মচাৰীৰ দুৰ্নীতিৰ বাবেই প্ৰকৃত হিতাধিকাৰীসকল বঞ্চিত হোৱাৰ অভিযোগ কৰিছে লোকসকলে ।

লগতে পঢ়ক:Attack on Karimganj: কৰিমগঞ্জৰ বাৰিগ্ৰামত চাঞ্চল্যকৰ আক্ৰমণৰ ঘটনা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.