Exam Warriors: শিক্ষাৰ্থীৰ বাবে 28 টা মন্ত্ৰৰ পুস্তিকা লিখি উলিয়াইছে প্ৰধানমন্ত্ৰী মোদীয়ে

By

Published : Jan 20, 2023, 10:43 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

দেশৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ২০১৮ চনৰ পৰা সমগ্র দেশজুৰি ‘‘পৰীক্ষা সম্পৰ্কত চৰ্চা’’ শীর্ষক এক কার্যক্রম আয়োজন কৰি অহা হৈছে (Pariksha Pe Charcha 2023)। এই কাৰ্যক্ৰমৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাৰ প্ৰাক্ক্ষণত সন্মুখীন হোৱা মানসিক চাপ কেনেদৰে দূৰ কৰিব পাৰি সেই সম্পর্কত বিশেষ পদক্ষেপ গ্রহণ কৰা হয় । ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ নিৰ্দেশ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান মর্মে ২০২৩ চনতো সমগ্র দেশজুৰি এই কার্যক্রম অনুষ্ঠিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে (Pariksha Pe Charcha in India) ।

শুকুৰবাৰে অসম ৰাজ্যিক বিজেপিৰ মুখপাত্র পংকজ বৰবৰাই গুৱাহাটীৰ বশিষ্ঠস্থিত দলৰ মুখ্য কাৰ্যালয়ত এই বিষয়ত সংবাদ মাধ্যমক সম্বোধন কৰে ৷ তেওঁ কয় যে, অহা ২৭ জানুৱাৰীত দিনৰ ১১ বজাত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশৰ ছাত্ৰ-ছাত্রী, অভিভাৱক আৰু শিক্ষকসকলক সম্বোধন কৰাৰ লগতে তেওঁলোকৰ সৈতে বাৰ্তালাপ কৰিব (PM Modi will interact with students) । 

এই কার্যক্রমৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টিৰ ৪০ খন সাংগঠনিক জিলাত নৱম শ্রেণীৰ পৰা দ্বাদশ শ্রেণীৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত চিত্ৰাংকণ প্রতিযোগিতাৰ আয়োজন কৰা হৈছে । যোৱা ১৭ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা উক্ত কার্যক্রম সুচাৰুৰূপে তদাৰক কৰিবৰ বাবে ৰাজ্যিক সমিতিয়ে দলৰ জ্যেষ্ঠ নেতা ড৹ প্রদীপ ঠাকুৰীয়াক তত্বাবধায়ক হিচাপে দায়িত্ব প্রদান কৰি তিনিজনীয়া কমিটি গঠন কৰি দিয়া হৈছে । ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিজন সাংসদ, বিধায়কে নিজ নিজ সমষ্টিত উক্ত কার্যক্রম আয়োজন কৰিব (Pariksha Pe Charcha in Assam)।

তেওঁ লগতে কয় যে, ‘‘পৰীক্ষা সম্পৰ্কত চৰ্চা’’ কাৰ্যক্ৰমৰ সহায়ক হোৱাকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ‘Exam Warriors' নামৰ পুস্তিকা লিখি উলিয়াইছে (Exam Warriors Booklet by PM Modi) ৷ য'ত ছাত্ৰ-ছাত্ৰীৰ বাবে ২৮ টা মন্ত্ৰ তথা অভিভাৱকৰ বাবে ৬ টা মন্ত্ৰ সন্নিৱিষ্ট আছে । উল্লেখনীয় যে, এই পুস্তিকাখন ২৭ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ‘‘পৰীক্ষা সম্পৰ্কত চৰ্চা’’ কাৰ্যক্ৰমৰ দিনা ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে । 

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.