মহাৰজত জয়ন্তী উপলক্ষে প্ৰাক্তন শিক্ষৰ্থীয়ে নিৰ্মাণ কৰিলে প্ৰাথমিক বিদ্যালয়ৰ গৃহ - noble job of ex student of Bholabari School
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/22-12-2023/640-480-20329866-thumbnail-16x9-udal-aspera.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Dec 22, 2023, 1:33 PM IST
ওদালগুৰি, ২২ ডিচেম্বৰ : ওদালগুৰি জিলাৰ ভোলাবাৰী চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ আয়োজনক লৈ উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে বিদ্য়ালয় চৌহদত । ১৯৪৮ চনত এই বিদ্য়ালয়খন স্থাপন হৈছিল । বিদ্য়ালয়খন স্থাপনৰ সাতটা দশক পাৰ হ'লেও দুশৰো অধিক ছাত্ৰ-ছাত্ৰী থকা বিদ্যালয়খনত নাছিল কোনো উপযুক্ত গৃহ, শ্ৰেণী কোঠা আদি । অহা ২৩,২৪,২৫, আৰু ২৬ ডিচেম্বৰত বৰ্ণিল কাৰ্যক্ৰমণিকাৰে অনুষ্ঠিত হ'ব মহাৰজত জয়ন্তী । সেয়েহে ৰাইজ তথা প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলে সম্পূৰ্ণ কৰিলে চৰকাৰী নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়ৰ আন্তঃগাথঁনিৰ কাম ।
মহাৰজত জয়ন্তী উপলক্ষে ৰাইজ তথা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী একত্ৰিত হৈ পঞ্চাশ লাখ টকা ব্যয় কৰি বিদ্যালয় গৃহৰ লগতে শ্ৰেণীকোঠা, বিদ্যালয় চৌহদৰ বেৰ আদি নিৰ্মাণ কৰিলে । অহা ২৩ ডিচেম্বৰৰ পৰা অনুষ্ঠিতব্য় মহাৰজত জয়ন্তী উৎসৱত অংশগ্ৰহণ কৰিব শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু কেবাগৰাকীও শিল্পী, শিক্ষাবিদে ।
লগতে পঢ়ক:আজি শ্বহীদ কনকলতাৰ জন্ম শতবাৰ্ষিকীত উপস্থিত থাকিব মুখ্যমন্ত্ৰী