Basanti Puja at Nalbari: বগুৰীহাটী বাৰোৱাৰী বাসন্তী পূজাৰ মহাৰজত জয়ন্তী - Basanti Puj at Bagurihati

🎬 Watch Now: Feature Video

thumbnail

By

Published : Mar 28, 2023, 4:49 PM IST

নলবাৰী, ২৮ মাৰ্চ: নলবাৰী জিলাৰ ঐতিহ্যমণ্ডিত বগুৰীহাটীত সোমবাৰৰ পৰা ছয়দিনীয়া কাৰ্যসূচীৰে বগুৰীহাটী বাৰোৱাৰী শ্ৰীশ্ৰী বাসন্তী পূজাৰ মহাৰজত জয়ন্তী উৎসৱ আৰম্ভ হৈছে (Platinum Jubilee of Basanti Puja in Nalbari)। পুৱাৰে পৰা ভক্তৰ সমাগমেৰে মুখৰিত হৈ পৰিছে মহাৰজত জয়ন্তী মহোৎসৱস্থলী । প্ৰথম দিনা পুৱা পতাকা উত্তোলন, ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণ কাৰ্যসূচীৰ পিচতেই বৃহত্তৰ বগুৰীহাটীৰ মাজেৰে এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় । এই সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে অভিনেত্ৰী ৰুমী ভূঞা তালুকদাৰে । সাংস্কৃতিক শোভাযাত্ৰাত অসমৰ বিভিন্ন থলুৱা কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰা হয় (Basanti Puj at Bagurihati) ।  

শ্ৰী শ্ৰী বাসন্তী পূজাৰ মহাৰজত জয়ন্তীৰ সৈতে সংগতি ৰাখি নাম প্ৰসংগ, বন্তি প্ৰজ্বলন, বৃক্ষ ৰোপণ, ওজাপালি আৰু ঢুলীয়া প্ৰদৰ্শন, নাগাৰা নাম প্ৰদৰ্শন, আয়তিৰ নাম প্ৰতিযোগিতা, কবিতা আবৃত্তি, মুকলি প্ৰশ্নমঞ্চ ,চিত্ৰাংকন প্ৰতিযোগিতা, লোকগীত আৰু বিয়া নাম প্ৰতিযোগিতা, আলোচনা চক্ৰ, স্মৃতিগ্ৰন্থ উন্মোচন, নৃত্য প্ৰতিযোগিতা, সাংস্কৃতিক অনুষ্ঠান আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে ।

উক্ত অনুষ্ঠানৰ ১ এপ্ৰিলত নিশা সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কন্ঠশিল্পী আচুৰ্য বৰপাত্ৰই সংগীত পৰিৱেশন কৰিব । উল্লেখ্য যে, অহা ১ এপ্ৰিলত সামৰণি পৰিব বগুৰীহাটী বাৰোৱাৰী শ্ৰীশ্ৰী বাসন্তী পূজাৰ মহাৰজত জয়ন্তী সমাৰোহৰ (Bagurihati Barwari Basanti Puja)।

লগতে পঢ়ক:Corruption in PMAY scheme: বৰক্ষেত্ৰীত PMAY আঁচনিত ব্য়াপক অনিয়মৰ অভিযোগ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.