Embankment of Gai river: গাইনদীৰ মথাউৰি পৰিদৰ্শন পীযুষ হাজৰীকাৰ - Embankment of Gai river
🎬 Watch Now: Feature Video
জোনাই,৭ জুলাই: চিলাপথাৰ অঞ্চলৰ কেইবাটাও মথাউৰিৰ লগতে শুকুৰবাৰে বিয়লি অঞ্চলটোৰ ৰক্ষা কৱচস্বৰূপ গাইনদীৰ মথাউৰি পৰিদৰ্শন কৰিলে জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই । স্থানীয় সাংসদ প্ৰদান বৰুৱা আৰু বিধায়ক ভূৱন পেগুৰ সৈতে আহি গাইনদীৰ স্পৰ্শকাতৰ মথাউৰিটো পৰিদৰ্শন কৰি মথাউৰিত থকা গভীৰ গভীৰ ৰেইনকাট দেখি আশ্চৰ্য্য প্ৰকাশ কৰে মন্ত্ৰী হাজৰীকাই ।
কৰ্মৰত ঠিকাদাৰক মৃদু ধমক দি কামত গাফিলতি নকৰিবলৈ সকিয়াই দিয়ে মন্ত্ৰীগৰাকীয়ে । লগতে অহা ডিচেম্বৰ মাহৰ পৰা গাই নদীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ পৰা মথাউৰিৰ ধেমাজি জেলখানা পৰ্যন্ত বলিষ্ঠভাৱে নিৰ্মাণ কৰা হ'ব বুলি ৰাইজক আশ্বস্ত কৰে তেওঁ । ইপিনে মন্ত্ৰীৰ আগমনৰ বতৰা পাইহে বিভাগীয় ঠিকাদাৰৰ তৎপৰতা দেখা গ'ল । ট্ৰেক্টৰে ট্ৰেক্টৰে মাটি কঢ়িয়াই বিশাল বিশাল ৰেইনকাট পুতি ব্যৰ্থতা ঢকাৰ ব্যৰ্থ চেষ্টা কৰা দেখা গ'ল ঠিকাদাৰৰক ।
আনপিনে স্থানীয় ৰাইজে মন্ত্ৰী আৰু ঠিকাদাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে । মন্ত্ৰী আহে আৰু যায় পিছে ৰাইজৰ নিৰাপত্তা কোনো দিনে নিশ্চিত নহয় । ৰাইজক সাক্ষাৎ নিদিয়াকৈ উভতি গ'ল মন্ত্ৰী । অন্তত এচ'পৰা অ’ত এচ'পৰা ত'ত মাটি পেলাই চূড়ান্ত পালমৰা কাৰ্য সম্পন্ন কৰা বুলি স্থানীয় ৰাইজে কটাক্ষ কৰে মন্ত্ৰীৰ লগতে জলসম্পদ বিভাগটোক।
লগতে পঢ়ক: Jiadhal embakment in Dhemaji:সাংবাদিকৰ প্ৰশ্নত খং উঠিল মন্ত্ৰী পীযুষৰ
TAGGED:
Embankment of Gai river