ETV Bharat / state

কোন হ'ব ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি: তত্বাৱধায়ক নিযুক্তিৰ পাছতে বাজপেয়ী ভৱনত বিশেষ তৎপৰতা - BJP PRESIDENT

কেন্দ্ৰীয় মন্ত্রী গজেন্দ্ৰ সিং শ্বেখাৱটক তত্ত্বাৱধায়ক নিযুক্তিৰ পাছতে ৰাজপেয়ী ভৱনত ব্যাপক তৎপৰতা । ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতিক লৈ চৰ্চাত কেইবাজনো ।

Who will be the next state BJP president and Several leaders in the list
কোন হ'ব ৰাজ্যিক বিজেপিৰ পৰৱৰ্তী সভাপতি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 7, 2025, 5:28 PM IST

গুৱাহাটী: কোন হ'ব বিজেপিৰ পৰৱৰ্তী ৰাজ্যিক সভাপতি ? চলিত জানুৱাৰী মাহতে ঘোষিত হ'ব ৰাজ্যিক বিজেপিৰ নতুন সভাপতিৰ নাম । ইতিমধ্যে শাসকীয় দলটোৰ শীৰ্ষ নেতৃত্বই ৰাজ্যিক বিজেপিৰ সভাপতি নিযুক্তিৰ বাবে কেন্দ্রীয় মন্ত্রী গজেন্দ্র সিং শ্বেখাৱটক অসমৰ পর্যবেক্ষক হিচাপে নিযুক্তি দিছে । অৱশ্যে পৰ্যবেক্ষক নিযুক্তি দিয়াৰ পূৰ্বৰে পৰাই বিজেপিৰ ৰাজ্যিক সভাপতি কোন হ'ব তাক লৈ ব্যাপক চৰ্চা চলি আছিল ।

কিন্তু পৰ্যবেক্ষক নিযুক্তি দিয়াৰ পাছতেই বাজপেয়ী ভৱনত তৎপৰতা বৃদ্ধি পাইছে । কোন হ'ব ৰাজ্যিক বিজেপিৰ নতুন সভাপতি ? ইয়াক লৈ এতিয়া সৰৱ চৰ্চা চলিছে বাজপেয়ী ভৱনৰ ভিতৰে বাহিৰে । আজিৰ তাৰিখত সভাপতি পদৰ বাবে বৰ্তমানৰ সভাপতি ভৱেশ কলিতাৰ লগতে সাংসদ দিলীপ শ‍ইকীয়া, সাংসদ ৰামেশ্বৰ তেলী আৰু প্রাক্তন সাংসদ পল্লৱ লোচন দাসৰ নাম বিশেষভাৱে চৰ্চাত আছে ।

অৱশ্যে চৰ্চাত থাকিলেও কিন্তু সভাপতিৰ পদক লৈ শাসকীয় দলটোৰ শীৰ্ষ নেতৃত্বৰ এতিয়াও অংক মিলা নাই । কাৰণ নতুন সভাপতিৰ ওপৰত যথেষ্ট গধূৰ দায়িত্ব থাকিব । নতুন সভাপতিৰ ওপৰতে আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ পৰা আৰম্ভ কৰি ২০২৬ চনৰ বিধানসভাৰ নিৰ্বাচনৰো গুৰু দায়িত্ব থাকিব । যাৰ বাবে সকলো দিশ চালিজাৰি চাই দলটোৱে এজন সকলোৰে গ্ৰহণযোগ্য লোকক সভাপতিৰ পদত বহুওৱাৰ সিদ্ধান্ত লৈছে ।

ইফালে বাজপেয়ী ভৱনত চলা চৰ্চা অনুসৰি বৰ্তমানৰ সভাপতি ভৱেশ কলিতা দ্বিতীয়বাৰৰ বাবে সভাপতি হ'লেও আচৰিত হ'বলগীয়া কোনো কথা নাই । কিয়নো দলৰ একাংশ শীর্ষ নেতাই পঞ্চায়ত নিৰ্বাচনৰ পূৰ্বে সভাপতি সলনি হোৱাটো বিচৰা নাই । ইফালে ভৱেশ কলিতাক পুনৰ সভাপতিৰ দায়িত্ব নিদিলে তেওঁক সংস্থাপিত কৰাৰ কথাও আছে । কিয়নো শাসকীয় দল এটাৰ সভাপতিগৰাকীক পৰৱৰ্তী সময়ত এটা সন্মানজনক দায়িত্ব দিয়াটো বিজেপিৰ এটা পৰম্পৰা ।

এই ক্ষেত্ৰত সভাপতিৰ দায়িত্বৰ পৰা ভৱেশ কলিতাক আঁতৰ কৰিলে তেওঁক মন্ত্ৰীৰ দায়িত্ব দিব লাগিব । অৱশ্যে সমগ্র বিষয়টোত মুখ্যমন্ত্ৰীৰ স্থিতিৰ ওপৰতে এতিয়া সকলো কথা নিৰ্ভৰ কৰিছে । ইফালে চাহ জনগোষ্ঠীৰ ভোট বেংক সুৰক্ষিত কৰাৰ স্বাৰ্থত প্ৰাক্তন সাংসদ পল্লৱ লোচন দাস আৰু বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ ৰামেশ্বৰ তেলীৰ নাম চৰ্চালৈ আহিছে যদিও পল্লৱ লোচন দাসক সভাপতিৰ দায়িত্ব দিলে ন-পুৰণিৰ সংঘাত বৃদ্ধি পোৱাৰ আশংকা কৰিছে একাংশই ।

সেয়েহে চাহ জনগোষ্ঠীৰ নেতাক সভাপতিৰ দায়িত্ব দিলে ৰামেশ্বৰ তেলীৰ সম্ভাৱনা যথেষ্ট উজ্জ্বল । শেহতীয়াকৈ ৰাজ্যিক বিজেপিৰ সভাপতি পদৰ বাবে সাংসদ দিলীপ শ‍ইকীয়াৰ নামো বিশেষভাৱে চৰ্চালৈ আহিছে । অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ পৰা আৰম্ভ কৰি যুৱ মৰ্চাৰ দায়িত্বত থকা তথা শেষত বিজেপিৰ এগৰাকী নিষ্ঠাৱান কর্মী হিচাপে দুবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱা দিলীপ শ‍ইকীয়াই যোৱা মাহত দিল্লীত দলৰ কেইবাজনো শীৰ্ষ নেতৃত্বকো সাক্ষাৎ কৰাৰ কথা জানিব পৰা গৈছে ।

আনহাতে আৰ এছ এছেও সাংসদ দিলীপ শ‍ইকীয়াক সভাপতিৰ পদত অধিষ্ঠিত কৰাৰ পক্ষত আছে । এনে অৱস্থাত মুখ্যমন্ত্ৰীয়ে সন্মতি দিলে শেষত দিলীপ শ‍ইকীয়াও ৰাজ্যিক বিজেপিৰ সভাপতি হৈ যাব পাৰে । অৱশ্যে ভোটৰ অংকত সিদ্ধহস্ত বিজেপিয়ে কাক দায়িত্ব দিয়ে সেয়া সময়েহে ক'ব । আনহাতে এই চাৰিগৰাকীৰ উপৰি প্রাক্তন সাংসদ তপন কুমাৰ গগৈ, ৰাজ্যিক বিজেপিৰ উপ-সভাপতি জয়ন্ত কুমাৰ দাস, মন্ত্ৰী যোগেন মহন, ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি তথা মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ নামো চৰ্চাত আছে ।

বাজপেয়ী ভৱনত চলি থকা চৰ্চা অনুসৰি বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি গেৰুৱা দলটোৰ শীৰ্ষ নেতৃত্বই উজনি অসমৰ এজন নেতাক ৰাজ্যিক বিজেপিৰ সভাপতিৰ দায়িত্ব দিয়াৰ সম্ভাৱনা আছে । উজনিত ভোট বেংক সুৰক্ষাৰ স্বাৰ্থত দলটোৱে উজনিৰ কোনো এজন নেতাক সভাপতিৰ দায়িত্ব দিব পাৰে বুলি চৰ্চিত হৈছে । কাৰ নেতৃত্বত অনাগত পঞ্চায়ত আৰু বিধানসভাৰ নিৰ্বাচনত বিজেপি অৱতীৰ্ণ হ'ব সেয়া লক্ষণীয় হ'ব ।

লগতে পঢ়ক: '26 ৰ ভিতৰত উৎখাত হ'ব নক্সালবাদী: ই টিভি ভাৰতক ক'লে ৰাজ্যপাল ৰমেন ডেকাই - GOVERNOR RAMEN DEKA

এডভাণ্টেজ অসম ২ : কংগ্ৰেছৰ বিৰোধিতাৰ মাজতে মুম্বাইত মুখ্যমন্ত্ৰীৰ ৰোড শ্ব' - ADVANTAGE ASSAM 2

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.