Piyush Hazarika Tezpur Visit : বৃদ্ধ আশ্ৰমলৈ গ'লে দুখ লাগে মন্ত্ৰী পীযুষ হাজৰীকাৰ - old age home at tezpur

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 8:50 PM IST

তেজপুৰ, ১০ অক্টোবৰ : বৃদ্ধ আশ্ৰমলৈ গ'লে মনত দুখ লাগে মন্ত্ৰী পীযুষ হাজৰীকাৰ । বৃদ্ধ আশ্ৰমলৈ সেইসকল বয়সস্থ ব্যক্তি আহক, যাৰ সতি-সন্তান নাই । কাৰণ নিজৰ সন্তান প্ৰতিষ্ঠিত হৈ থকাৰ পিছতো উক্ত সন্তানৰ পিতৃ-মাতৃ যেতিয়া আশ্ৰমত আহি থাকিবলগীয়া হয় তাতকৈ দুখলগা কথা একো নাই । এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰীকাৰ ।

মঙলবাৰে তেজপুৰ মাজগাঁৱৰ নৱপুৰত ডি আই এ জি ই অ' ইণ্ডিয়া নামৰ কোম্পানীটোৱে সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত ভাৰতীয় শিশু কল্যাণ পৰিষদ, তেজপুৰ শাখাৰ আশাদীপ আশ্ৰয়গৃহৰ চৌহদত ৭৯ লাখ টকাৰ ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া তপোবন নামৰ বৃদ্ধ আশ্ৰমৰ শিলান্যাস কৰি তেওঁ এইদৰে মন্তব্য কৰে । বৃদ্ধ পিতৃ-মাতৃয়ে যাতে ঘৰত অকলশৰীয়া হৈ থাকিব নালাগে তাৰ বাবে এই আঁচনিৰ অধীনত তেওঁলোকৰ বাবে গৃহ নিৰ্মাণৰ কাম হাতত লোৱা হৈছে ৷ 

তেওঁ কয় যে আধাৰশিলা কৰি ভাল লাগিছে, কিন্তু যেতিয়া পূৰ্ণাংগ ৰূপ পাব তেতিয়া আহিলে মনটো বেয়া লাগিব । কাৰণ ল'ৰা-ছোৱালীৰ অৱহেলাৰ বাবে যেতিয়া তেওঁলোকে এই গৃহত থাকিবলগীয়া হ'ব তাতকৈ দুখৰ কথা নাথাকিব । আনহাতে, জিলা প্ৰশাসনে আগন্তুক তিনি মাহৰ ভিতৰত এই গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে ।  

ইফালে ভাৰতীয় শিশু কল্যাণ পৰিষদৰ সভানেত্ৰী ডাঃ লক্ষ্মী গোস্বামীয়ে কয় যে অসমত বৰ্তমান পিতৃ-মাতৃক অৱহেলা কৰাৰ যি ঘটনা সংঘটিত হ'বলৈ ধৰিছে, সেয়া অতি লাজৰ বিষয় । তেওঁ শেহতীয়াকৈ যোৰহাটৰ ঘটনাৰ উদাহৰণ দি কয় এনে ঘটনা পূৰ্বতে কেতিয়াও সংঘটিত হোৱা নাছিল । শোণিতপুৰ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানত উপস্থিত থাকে কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত কলিতা আৰু বৰচলা সমষ্টিৰ বিধায়ক গণেশ লিম্বু ।

লগতে পঢ়ক :90 years old lady appears exam: ৯০ বছৰ বয়সত স্নাতকোত্তৰ পৰীক্ষাত বহিল আইতা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.