thumbnail

By ETV Bharat Assamese Team

Published : Jan 8, 2024, 10:07 AM IST

ETV Bharat / Videos

পুনৰ দুৰ্ঘটনাত পতিত হ’ল বনভোজৰ বাহন

শিলচৰ, 8 জানুৱাৰী : গোলাঘাটৰ দেৰগাঁৱৰ বালিজানৰ ভয়ংকৰ পথ দুৰ্ঘটনাৰ উত্তেজনা মাৰ নৌযাওঁতেই সোমবাৰ অৰ্থাৎ 8 জানুৱাৰীত কাছাৰৰ কালাইনত দুৰ্ঘটনাত পতিত হৈছে বনভোজৰ বাহন ৷ এই দুৰ্ঘটনাত কথমপি প্ৰাণৰক্ষা পৰে 30 জন বনভোজকাৰী এটা দলৰ ৷ কালাইন শিন্ধুৰাত সংঘটিত হৈছে ঘটনাটো ৷

কালাইনৰ শিন্ধুৰাত পিকনিকৰ পৰা উভতি অহাৰ পথত দুৰ্ঘটনাগ্ৰস্ত হৈছে ট্ৰেভেলাৰ বাহনখন ৷ বনভোজৰ দলক লৈ অহাৰ সময়ত নিয়ন্ত্ৰণ হেৰুৱাই বাহনখন পথৰ দাঁতিত বাগৰি পৰে ৷ লগে লগে হুৱা-দুৱা লাগে বনভোজকাৰীৰ দলটোৰ ৷ দলটোত 30 জনকৈ লোক আছিল বুলি জানিব পৰা গৈছে ৷ লগে লগে স্থানীয় লোকসকলে ওলাই আহি বাছখনৰ লোকসকলক উদ্ধাৰ কৰিছে বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি দুৰ্ঘটনাগ্ৰস্ত বাহনখন পথৰ দাঁতিৰ পৰা উদ্ধাৰ কৰা হৈছে ৷

ইপিনে একাংশ পিকনিকৰ দলৰ উদ্ভাণ্ডালিত অতিষ্ঠ হৈ পৰিছে সাধাৰণ ৰাইজ ৷ ৰাজ্য চৰকাৰৰ ফালৰ পৰা SOP প্ৰকাশ কৰাৰ পাচতো প্ৰতিদিনে উচ্চস্বৰত গান বজাই দ্ৰুতগতিৰে ৰাজপথত চলাচল কৰিছে একাংশ পিকনিকৰ বাহন ৷ আনকি বাহনৰ দুৱাৰ খুলি অথবা বাহনৰ চালৰ ওপৰত উঠি গানৰ তালে তালে নৃত্য কৰিছে একাংশ উদণ্ড পিকনিকৰ দলে ৷ ফলত এতিয়া সৰ্বস্বান্ত হৈ পৰিছে ৰাইজ ৷

লগতে পঢ়ক: দেৰগাঁৱৰ পথ দুৰ্ঘটনাৰ অভিযুক্তক চৰকাৰে ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ কৃষক মুক্তিৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.