ৰাইজৰ বাবে মুকলি হ’ল দীপৰ বিলৰ পাৰৰ বনভোজথলী

🎬 Watch Now: Feature Video

thumbnail

মিৰ্জা, 10 ডিচেম্বৰ : শীতকাল আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যৰ বিভিন্ন বনভোজথলীসমূহ জনসাধাৰণৰ বাবে মুকলি কৰা হৈছে ৷ ঠিক সেইদৰে গুৱাহাটীৰ গাতে লগা দীপৰ বিললৈও বনভোজ খাবলৈ অহা লোকক আদৰিবলৈ সাজু হৈছে বিলৰ কাষৰীয়া অগ্ৰণী সামাজিক সাংস্কৃতিক আৰু ক্ৰীড়া সংগঠন দেউচতাল নৱজ্যোতি সংঘ । এই উপলক্ষে দেওবাৰে দীপৰ বিলৰ দাঁতিৰ ঐতিহাসিক শ্ৰী শ্ৰী ভাঙাৰা গোঁসাই থানৰ দাঁতিত থকা বনভোজথলীখন উদ্বোধন কৰা হয় । 

সংঘৰ কৰ্মকর্তা আৰু স্থানীয় বহুসংখ্যক লোকৰ উপস্থিতিত বনভোজথলী আনুষ্ঠানিকভাৱে মুকলি কৰে সমাজকৰ্মী ধীৰাজ তুমুঙে । এই উপলক্ষে সংঘৰ সভাপতি বলেশ্বৰ ৰংপীয়ে আঁত ধৰা চমু অনুষ্ঠানত সমাজকৰ্মী ধীৰাজ তুমুঙে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ দীপৰ বিলৰ পাৰৰ বনভোজথলীত সকলো লোকে নীতি-নিয়ম মানি বনভোজ খোৱাৰ লগতে প্ৰকৃতিৰ সৈতে একাত্ম হ’ব বুলি আশা ব্যক্ত কৰে ৷

উল্লেখ্য যে, এই বনভোজথলীত সংঘৰ ফালৰ পৰা সকলো দলকে বিশুদ্ধ খোৱাপানী, বাহন ৰখাৰ বাবে পাৰ্কিং ব্যৱস্থা, প্ৰস্ৰাৱগাৰ আদিৰ সা-সুবিধা উপলব্ধ কৰা হ’ব । ইয়াৰ সমান্তৰালকে চাফ-চিকুণতাৰ ব্যৱস্থাও গ্ৰহণ কৰা হৈছে । ইয়াৰ বাবে বনভোজ দলসমূহৰ পৰা সামান্য পৰিমাণৰ মাচুল সংগ্ৰহ কৰা হ’ব বুলি জানিবলৈ দিয়ে সংঘৰ সদস্যসকলে ৷

লগতে পঢ়ক: মণিপুৰত মহিলাক অপহৰণ কৰি হত্যা সন্দৰ্ভত চিবিআইৰ অভিযোগনামা দাখিল

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.