Phensedyl Seized in Karimganj : কৰিমগঞ্জৰ চুৰাইবাৰীত জব্দ 50 লাখ টকাৰ ফেন্সিডাইল

By

Published : Aug 17, 2023, 10:50 PM IST

thumbnail

কৰিমগঞ্জ, 17 আগষ্ট : কৰিমগঞ্জ জিলাৰ চুৰাইবাৰীত আলু কঢ়িওৱা ট্ৰাকৰ পৰা জব্দ প্ৰায় পঞ্চাশ লাখ টকাৰ ফেন্সিডাইল ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰে ট্ৰাক চালকক ৷ চুৰাইবাৰী আৰক্ষীয়ে ট্ৰাকখনৰ পৰা এই বৃহৎ পৰিমাণৰ ফেন্সিডাইল জব্দ কৰে ৷

জানিব পৰা মতে, বৃহস্পতিবাৰে বিয়লি এ এছ ০১ পি চি ০৫৩১ নম্বৰৰ ছয়চকীয়া আলু কঢ়িওৱা এখন ট্ৰাক চুৰাইবাৰী আৰক্ষী চকীৰ সন্মুখত উপস্থিত হোৱাৰ লগে লগে কৰ্তব্যৰত আৰক্ষীয়ে সচৰাচৰৰ কৰাৰ দৰে গাড়ীখনত তালাচী চলায় ৷ এই তালাচীত ট্ৰাকখনৰ পৰা ছয় হাজাৰ এশ বটল ফেন্সিডাইল জব্দ কৰে আৰক্ষীয়ে ৷ 

ইতিমধ্যে এই ঘটনা সন্দৰ্ভত আটক কৰা হৈছে ট্ৰাকৰ চালক বিশ্বজিৎ বিশ্বাসক ৷ আটকাধীন ব্যক্তিজনৰ ঘৰ ত্ৰিপুৰাত বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে এনডিপিএছ ধাৰাত গোচৰ ৰুজু কৰিছে ৷ 

লগতে পঢ়ক : Girl attacked by miscreants: দৰং মহাবিদ্যালয়ৰ ছাত্ৰীক চোকা অস্ত্ৰৰে আক্ৰমণ দুৰ্বৃত্তৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.