Kushal Konwar Civil Hospital: গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত দায়িত্বজ্ঞানহীন কাণ্ড - ডাক্তৰে প্ৰেছক্ৰাইব নকৰা ঔষধ প্ৰদান ফাৰ্মাচিষ্টৰ
🎬 Watch Now: Feature Video
গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত দায়িত্বজ্ঞানহীন কাণ্ড (Kushal Konwar Civil Hospital) । ডাক্তৰে প্ৰেছক্ৰাইব নকৰা ঔষধ প্ৰদান ফাৰ্মাচিষ্টৰ । চিকিৎসালয়খনত ভৰ্তি হৈ থকা এগৰাকী ৰোগীক ভুল ঔষধ প্ৰদান কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈ চিকিৎসালয়খনৰ ফাৰ্মাচিষ্টৰ বিৰুদ্ধে (Pharmacist gave wrong medicine to patient)। ৰোগীৰ বেমাৰৰ লগত কোনো সংগতি নথকা আৰু প্ৰেছক্ৰিপচনত চিকিৎসকে উল্লেখ নকৰা ঔষধ প্ৰদান কৰে চিকিৎসালয়ত থকা ফাৰ্মাচিৰ ফাৰ্মাচিষ্টে । জীৱন গগৈ নামৰ লোকজনে পেটৰ বেমাৰত ভুগি ভৰ্তি হৈ আছিল শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়খনত । চিকিৎসালয়খনৰ ফাৰ্মাচিষ্টে বেমাৰৰ লগত সংযোগ নথকা তথা ডাক্তৰে উল্লেখ নকৰা ঔষধ দি বিপদৰ মুখলৈ ঠেলি পঠাইছে ৰোগীক । বিষয়টো অধীক্ষকক অৱগত কৰোৱাত ফাৰ্মাচিষ্টে ভুল কৰাটো স্বীকাৰ কৰি তদন্ত ঘোষণা কৰে আৰু শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰো আশ্বাস প্ৰদান কৰে অধীক্ষকগৰাকীয়ে । ইয়াকে লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে চিকিৎসালয়খনত থকা আনসকল ৰোগীৰ মাজত ।
Last Updated : Feb 3, 2023, 8:34 PM IST