PFI member arrested: নগৰবেৰাত নিষিদ্ধ ঘোষিত PFI সদস্যক গ্ৰেপ্তাৰ - Operation against PFI
🎬 Watch Now: Feature Video

গুৱাহাটী, 17 মে’: অসমৰ নগৰবেৰাত গ্ৰেপ্তাৰ হৈছে নিষিদ্ধ ঘোষিত সংগঠন পিএফ আইৰ সদস্য । কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ ঘোষণা কৰা PFI-ৰ বিৰুদ্ধে অসমতো অব্যাহত আছে আৰক্ষীৰ অভিযান । মঙলবাৰে নিশা কামৰূপ জিলাৰ নগৰবেৰা আৰক্ষী থানাই গ্ৰেপ্তাৰ কৰে এজন পলাতক পি এফ আইৰ সদস্যক (PFI member arrested) ৷
নগৰবেৰা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মিৰেল আহমেদৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে 2 নং পলাহৰটাৰীত অভিযান চলাই নিজ গৃহৰ পৰা গ্ৰেপ্তাৰ কৰে আব্দুল ৰেজ্জাক নামৰ PFI ৰ সদস্য গৰাকীক (Operation against PFI) ।
সংগঠনটোক নিষিদ্ধ ঘোষণা কৰাৰ পাচৰে পৰা পলাতক হৈ আছিল আব্দুল ৰেজ্জাক । দীৰ্ঘদিন পলাই থকাৰ পিচত অৱশেষত আৰক্ষীৰ জালত পৰিল PFI ৰ সদস্যগৰাকী । বুধবাৰে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ধৃত আব্দুৰ ৰেজ্জাকক । এতিয়াও অঞ্চলটোত কেইবাজনো PFI সদস্য পলাতক হৈ আছে বুলি জানিবলৈ দিয়ে আৰক্ষীয়ে (PFI member arrested in Assam)।
লগতে পঢ়ক: Guwahati Doctor Couple case: শিশু নিৰ্যাতনকাৰী চিকিৎসক দম্পতীক কঠোৰ শাস্তি প্ৰদানৰ দাবী