Badarpur exclusion from Karimganj: বদৰপুৰক কৰিমগঞ্জৰ পৰা আঁতৰাই কাছাৰত অন্তৰ্ভুক্তিৰ বিৰোধিতা - Badarpur exclusion from Karimganj
🎬 Watch Now: Feature Video

শেহতীয়াকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বদৰপুৰক কৰিমগঞ্জ জিলাৰ পৰা কৰ্তন কৰি কাছাৰত অন্তৰ্ভুক্তি কৰাৰ কথা ঘোষণাৰ পিছতেই বদৰপুৰত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (React on exclusion of Badarpur from Karimganj) ৷ সোমবাৰে এই সন্দৰ্ভত বদৰপুৰবাসীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷ ক্ষুব্ধ লোকসকলে কয় যে, মুখ্যমন্ত্ৰীৰ নিৰ্দেশক নামানে বদৰপুৰৰ স্থানীয় ৰাইজে (Exclusion of Badarpur from Karimganj district ) ৷ মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশৰ বিৰুদ্ধে আন্দোলন কৰিব বদৰপুৰৰ স্থানীয় ৰাইজে ৷ ব্ৰহ্মপুত্ৰ উপত্যকাত ৪খনকৈ জিলাক জিলা মৰ্যাদাৰ পৰা বঞ্চিত কৰাৰ লগতে বৰাক উপত্যকাৰ তিনিখন জিলাৰ সীমা পৰিৱৰ্তন কৰাৰ ঘোষণাক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ কৰিমগঞ্জ জিলাৰ গুৰুত্বপূৰ্ণ চহৰ বদৰপুৰক কাছাৰ জিলাত সংযুক্ত কৰাৰ কথা ঘোষণা কৰাৰ পিছতো এচাম লোকে মৌনতা অবলম্বন কৰিলেও অধিকাংশ লোকে এই সিন্ধান্তৰ বিৰোধিতা কৰিছে ( Badarpur inclusion in Cachar)৷ উল্লেখ্য যে, অসমৰ ভিতৰত দ্বিতীয় বৃহত্তম ৰেল জংচনটোয়েই হৈছে বদৰপুৰ ৷ এনে সময়তে বদৰপুৰক কৰিমগঞ্জৰ পৰা কৰ্তন কৰি কাছাৰত অন্তৰ্ভুক্তি কৰি কৰিমগঞ্জক এখন গুৰুত্বহীন জিলালৈ পৰিণত কৰা হৈছে বুলি বদৰপুৰবাসী ৰাইজে ক্ষোভ প্ৰকাশ কৰে ৷
Last Updated : Feb 3, 2023, 8:38 PM IST