Assam Cabinet Decision : নাহৰকটীয়াক উপ-জিলা হিচাপে ঘোষণা; ৰাজপথত আৱতৰীয়া দীপাৱলী - এক ঐতিহাসিক সিদ্ধান্ত

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 2:23 PM IST

ডিব্ৰুগড়, 26 আগষ্ট : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে শুকুৰবাৰে কেবিনেট অনুষ্ঠিত কৰি ল'লে এক ঐতিহাসিক সিদ্ধান্ত । ৰাজ্য চৰকাৰৰ 100 সংখ্যক কেবিনেটত ৰাজ্যখনত বহু উপ জিলা গঠন কৰাৰ কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ পাচতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ ৰাইজৰ মাজত আনন্দৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে ।

ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰৰ দৰে ডিব্ৰুগড় জিলাখনত 5 খন উপ-জিলা গঠন কৰাৰ কথা ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । ইয়াৰ পাচতে নিশা নাহৰকটীয়াৰ ৰাজপথত ৰাইজে পালন কৰিলে আৱতৰীয়া দীপাৱলী । নাহৰকটীয়াক উপ-জিলা হিচাপে ঘোষণা কৰা পাচতে নিশা ফটকা ফুটাই, মিঠাই বিলাই আনন্দ কৰিলে নাহৰকটীয়াৰ ৰাইজে । কিয়নো নাহৰকটীয়াক মহকুমা হিচাপে ঘোষণা কৰিবলৈ ৰাইজে দীৰ্ঘদিন ধৰি দাবী জনাই আহিছিল যদিও কাৰ্যকৰী হোৱা নাছিল ৷

কিন্তু শুকুৰবাৰে মহকুমাৰ পৰিৱৰ্তে উপ-জিলা লাভ কৰি উৎফুল্লিত নাহৰকটীয়াৰ ৰাইজ । আনহাতে, ৰাজ্য চৰকাৰে ডিব্ৰুগড় জিলাৰ খোৱাং, টিংখাং, নাহৰকটীয়া, চাবুৱা-লাহোৱাল, দুলীয়াজান এই পাঁচটা সমষ্টিক উপ-জিলা হিচাপে ঘোষণা কৰিছে । জিলা আয়ুক্তগৰাকীৰ দায়িত্ব হ্ৰাস কৰি ৰাইজৰ প্ৰতিটো কাম ক্ষীপ্ৰতাৰে সমাধান হোৱাৰ উদ্দেশ্যে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ।

লগতে পঢ়ক : Assam Cabinet Decision: জোনাই আৰু চিচিবৰগাঁৱক উপ-জিলা ঘোষণাক লৈ উল্লাস

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.