thumbnail

Constituency delimitation:মাজুলী লখিমপুৰ সীমান্তৱৰ্তী গামচুক গাঁৱত তীব্ৰ প্ৰতিবাদ

By

Published : Jun 28, 2023, 7:50 PM IST

মাজুলী, 28 জুন : মাজুলী-লখিমপুৰ সীমান্তৱৰ্তী অঞ্চলত উত্তাল প্ৰতিবাদ । প্ৰতিবাদৰ বাবে ওলাই আহিল হাজাৰ হাজাৰ লোক । সমষ্টি পুনৰ নিৰ্ধাৰণক লৈ মাজুলী লখিমপুৰ সীমান্তৱৰ্তী গামচুক গাঁৱত এই প্ৰতিবাদ । পূব তেলাহী পঞ্চায়তৰ ২৫ খনকৈ গাঁও লখিমপুৰ সমষ্টিৰ পৰা নাওবৈচা সমষ্টিত অন্তৰ্ভুক্তিৰ বিৰোধিতা কৰি এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে । TMPK ৰ উদ্যোগত অনুষ্ঠিত হয় এই বৃহৎ প্ৰতিবাদী কাৰ্যসূচী । এই প্ৰতিবাদী সভাত অংশগ্ৰহণ কৰে ধলা, ন আলি, ডফলাকটা, শিঙিমাৰি, ঘুলি আদিকে ধৰি ২৫ খন গাঁৱৰ হাজাৰ হাজাৰ লোকে ।

ৰাজনৈতিক ষড়যন্ত্ৰৰে ন্যস্ত স্বাৰ্থ আগত ৰাখি পূব তেলাহীৰ এইসকল জনসাধাৰণক আন সমষ্টিলৈ লৈ যোৱাক লৈ হাজাৰ হাজাৰ পুৰুষ মহিলাই শ্ল’গান দি সাব্যস্ত কৰে এই তীব্ৰ প্ৰতিবাদ । প্ৰতিবাদকাৰীসকলে কয় আজিৰ দিনটো তেওঁলোকে এজাক বৰষুণ দিলেই বোকা পানী গছকি যিকোনো স্থানলৈ যাব লাগে । বাট পথৰ কোনো উন্নয়ণ নোহোৱা এইসকল লোক লখিমপুৰ জিলাত অন্তৰ্ভুক্ত হৈ আছে তথাপিও দীৰ্ঘদিনৰ পৰা পূব তেলাহীবাসীয়ে মাজুলী সমষ্টিত অন্তৰ্ভুক্তিৰ বাবে দাবী জনাই আহিছে । কিয়নো দীৰ্ঘদিন ধৰি লখিমপুৰ জিলাৰ লগত অন্তৰ্ভুক্ত থাকিও তেওঁলোকে চৰকাৰৰ তথা লখিমপুৰ জিলা প্ৰশাসনৰ ফালৰ একো সুবিধা লাভ কৰা নাই ।

লগতে পঢ়ক : Constituency Delimitation 2023:গৌৰীসাগৰত সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে অগপ ধৰ্মঘট

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.