Assam Cabinet Decision: বিশ্বনাথৰ লগতে গহপুৰতো এতিয়া উলাহৰ ঢল - People express joy in Biswanath

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Aug 26, 2023, 3:36 PM IST

বিশ্বনাথ,২৬ আগষ্ট: বিশ্বনাথক পুনৰ জিলা হিচাপে ঘোষণা কৰাত আনন্দৰ বন্যা বিশ্বনাথ নগৰত । জিলাৰ মৰ্যাদা পুনৰ ঘূৰাই পোৱাৰ পাচতে বিশ্বনাথ নগৰৰ মাজ মজিয়াত ফটকা ফুটাই বিহু নাচি আনন্দ-উল্লাস কৰে বিজেপি কৰ্মীৰ লগতে বিশ্বনাথবাসীয়ে । ২০১৫ চনৰ ১৫ আগষ্ট তাৰিখে সেই সময়তৰ অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ নেতৃত্বত চৰকাৰেখনে মাজুলী, হোজাই ,বিশ্বনাথ, তামুলপুৰ আৰু বজালীক জিলা গঠন কৰাৰ সিদ্ধান্ত আনুষ্ঠানিকভাৱে ঘোষণা কৰিছিল ।  

যোৱা ২০১৫ চনৰ পৰাই জিলাৰ কাম-কাজ সুন্দৰ ভাৱে চলি আহিছিল যদিও ২০২২ চনৰ ডিচেম্বৰ মাহত ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বধীন চৰকাৰখনৰ দিল্লীত অনুষ্ঠিত কেবিনেট বৈঠকত সিদ্ধান্ত মৰ্মে অসমৰ চাৰিখনকৈ জিলা ভংগ ঘোষণা কৰিছিল । জিলা কেইখন আছিল বিশ্বনাথ, হোজাই, বজালী আৰু তামুলপুৰ । আচলতে জিলা কেইখন ভ‌ংগৰ কাৰণ আছিল ৰাজ্যত সমষ্টিৰ পুনৰ নিৰ্ধাৰণ ।  

ইফালে শুকুৰবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে ১০০ সংখ্যক কেবিনেট বৈঠকত ৰাজ্যত ৮১ খন উপ-জিলা গঠন কৰাৰ কথা ঘোষণা কৰা লগতে ভংগ হোৱা চাৰিখন জিলাৰ মৰ্যাদা পুনৰ ঘুৰাই দিয়া হয় বুলি ঘোষণা কৰে । ইয়াৰ পিছতে বিশ্বনাথৰ লগতে উপ-জিলা হিচাপে মৰ্যাদা লাভ কৰা গহপুৰতো আনন্দ উৎসৱ আয়োজন কৰা পৰিলক্ষিত হয় ।

লগতে পঢ়ক: Assam Cabinet Decision : নাহৰকটীয়াক উপ-জিলা হিচাপে ঘোষণা; ৰাজপথত আৱতৰীয়া দীপাৱলী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.