Bamboo bridge for communication:বিকশিত অসম, য’ত ৰাইজৰ দান বৰঙণিৰে নিৰ্মাণ হয় দলং

By ETV Bharat Assamese Team

Published : Oct 17, 2023, 2:20 PM IST

thumbnail

ধেমাজি, 17 অক্টোবৰ : সাধাৰণতে মন্দিৰ ,মচজিদত দান পাত্ৰ ৰখা দেখিবলৈ পোবা যায় যদিও এইবাৰ দেখ৷ গ’ল শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ বিধান সভাৰ সমষ্টিৰ এটা পথত এখন জৰাজীৰ্ণ দলং মেৰামতিৰ বাবে ৰখা এটা দানপাত্ৰ ৷ দলং নিৰ্মাণৰ বাবে গাঁওবাসীয়েই আগবঢ়াই দান বৰঙণি  ৷ এই দৃশ্য ধেমাজিৰ ৷ ধেমাজিৰ পৰা প্ৰায় আঠ কিঃমিঃ দূৰত্বৰ বাটঘৰীয়া গাঁও পঞ্চায়তৰ অধীনৰ ঘেঁয়াৰী গাঁৱত আজি বহু বছৰে নাই এখন দলং  ৷ অহা আহিছে, যোৱা গৈছে ভঙা বাঁহৰ দলঙেৰেই ৷

২০১৯ চনত জীয়াঢলৰ বানত গাঁওখনৰ পকী পথটোৰ এটি কালভাৰ্ট বানে উটুৱাই তাতে এটা প্ৰকাণ্ড ডুবি সৃষ্টি কৰে আৰু খহনীয়া সৃষ্টি কৰি কেইবাঘৰ মানুহৰ ভেটি উটুৱাই লৈ যায় ৷ ২০১৯ চনৰ পৰা ডুবিটো ডুবি হৈয়ে ৰ’ল ৷ স্থানীয় ৰাইজে মিলি বাঁহৰ দলং নিৰ্মাণ কৰি আহিছে যদিও দৈনিক শ শ লোক তথা শিক্ষাৰ্থী অহা-যোৱা কৰা বাবে সঘনাই মেৰামতি কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় ৷ সেয়ে উপায়ন্তৰ হৈ ৰাইজে অহা-যোৱা কৰা ৰাইজৰ দান বৰঙণিৰে দলং নিৰ্মাণ কৰাৰ বাবে দলঙৰ এটা মূৰত লগাই থৈছে এটা দানপাত্ৰ ৷ পৰিৱৰ্তন, বিকাশ তথা সকলোতে ৰাস্তা পদূলি নিৰ্মাণ হোৱা বুলি দাবী কৰি অহা চৰকাৰখনৰ বৰ্তমানলৈকে এই দৃশ্য প্ৰত্যক্ষ নোহোৱাটোহে আচৰিত কথা ! কেতিয়ালৈ এই পথত দলং নিৰ্মাণ হ’ব, সেয়াও এক জটিল প্ৰশ্ন ৷

লগতে পঢ়ক : Dilapidated bamboo bridge: বাঁহৰ সাঁকোৰে মৰণপণ যাত্ৰা, আমগুৰিত ধোঁৱা চাঙত উন্নয়ন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.