Man with fake identity:ফুড ইন্সপেক্টৰৰ ভুৱা পৰিচয়ৰে এখন বেকাৰীত স্বয়ম্ভূ লাচিত সেনা - লাচিত সেনাৰ নামত ধন দাবী
🎬 Watch Now: Feature Video
Published : Sep 30, 2023, 3:23 PM IST
গুৱাহাটী ,৩০ ছেপ্টেম্বৰ : লাচিত সেনাৰ নামত ধন দাবী কৰি এইবাৰ আৰক্ষীৰ জালত পৰিল এজন যুৱক । অভিযোগ অনুসৰি যোৱা ২৯ ছেপ্টেম্বৰৰ দিনা দুপৰীয়া ভাগত জয়ানগৰৰ এখন বেকাৰী দোকানত পাঁচজনীয়া যুৱকৰ দলে বেকাৰীখনৰ গৰাকীক লাচিত সেনাৰ নাম লৈ দাবী কৰিছিল ধন । প্ৰথম অৱস্থাত ফুড ইন্সপেক্টৰৰ ভুৱা পৰিচয় দি বেকাৰীখনৰ স্বত্বাধিকাৰীক দাবী কৰিছিল ৩ লাখ টকা ।
যুৱকৰ দলটোৱে বেকাৰীখনৰ গৰাকীক লেতেৰা তথা অপৰিষ্কাৰ পৰিৱেশৰ দোহাই দি সেই ধন দাবী কৰাৰ অভিযোগ উত্থাপন কৰিছে । পিছে বেকাৰীৰ গৰাকীয়ে তেওঁলোকে বিচৰা ধন দিবলৈ অমান্তি হোৱাত পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে বীৰ লাচিত সেনাৰ সদস্য বুলি পৰিচয় দি ধন বিচৰাৰ অভিযোগ উত্থাপন কৰে । কিন্তু যুৱকৰ দলটোৰ কথা বতৰাত সন্দেহ ওপজাত বেকাৰীৰ গৰাকীয়ে স্থানীয় কেইজনমান লোকক ঘটনাটো অৱগত কৰে । তেওঁলোকক বীৰ লাচিত সেনাৰ পৰিচয় পত্ৰ বিচাৰে যদিও কোনো পৰিচয় পত্ৰ প্ৰদৰ্শন কৰিব নোৱাৰে দলটোৱে । ইয়াকে লৈ সৃষ্টি হোৱা হুলুস্থুলীয়া পৰিৱেশৰ মাজতে ঘটনাস্থলীত উপস্থিত হোৱা স্থানীয় ৰাইজে সেই দলটোৰ এজন লোকক কৌশলৰে কৰায়ত্ত কৰি উত্তম-মধ্যম সোধাই পৰৱৰ্তী সময়ত যুৱকজনক দিছপুৰ আৰক্ষী থানাত গতাই দিয়ে ।
লগতে পঢ়ক : Cyber crime: চাইবাৰ ক্ৰাইমৰ সৈতে জড়িত সাত যুৱকক গ্ৰেপ্তাৰ