thumbnail

Food poisoning case:কচুৱাত দুৰ্বৃত্ত‌ই খাদ্য়ত মিহলালে বিহ, একেটা পৰিয়ালৰে অসুস্থ পাঁচ

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 5:27 PM IST

বঢ়মপুৰ, ১৯ ছেপ্টেম্বৰ: নগাঁৱৰ কচুৱাত খাদ্যত বিষক্ৰিয়াত একেটা পৰিয়ালৰ পাঁচজন অসুস্থ ৷ খাদ্যত বিষক্ৰিয়া হোৱাত সংকটজনক অৱস্থাত তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ নিশা দুষ্টচক্ৰই পৰিয়ালটোৰ খাদ্যত বিহ মিহলোৱাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে  ৷ অসুস্থসকল হৈছে মমতাজ বেগম(৩৮), আব্দুল বাৰেক (৪৮),ৰাজু আহমেদ (৩২) জেবিন আখতাৰ (২০) ৷  

ইপিনে,আব্দুল বাৰেকক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে বুলি পৰিয়ালৰ লোকে সদৰী কৰিছে । বাকীকেইজন সংকটমুক্ত বুলি পৰিয়ালৰ সুত্ৰে প্ৰকাশ ।  

উল্লেখযোগ্য যে নিশা আহাৰৰ লগত বিহ মিহলাই পৰিয়ালটোৰ সদস্য়সকলক অজ্ঞান কৰি দুৰ্বৃত্ত‌ই ঘৰৰ দৰ্জা ভাঙি নগদ ধনৰ লগতে মূল্যবান সা-সামগ্ৰী লৈ যায় । এই ঘটনা সন্দৰ্ভত ইতিমধ্য়ে আৰক্ষীক অৱগত কৰা হৈছে ।

লগতে পঢ়ক:Food poisoning case : ঢকুৱাখনাত নামঘৰৰ প্ৰসাদত বিষক্ৰিয়া, চিকিৎসাধীন ২০৮ জন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.