Drugs seized: নীলাম বজাৰত বুজন পৰিমাণৰ ড্ৰাগছসহ ব্যৱসায়ী গ্ৰেপ্তাৰ - ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/22-08-2023/640-480-19331765-thumbnail-16x9-vbhjhjj.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Aug 22, 2023, 8:34 PM IST
কৰিমগঞ্জ, 22 আগষ্ট : ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান ৷ এইবাৰ কাছাৰ জিলাৰ নীলাম বজাৰ আৰক্ষীৰ বৃহৎ সাফল্য । নীলাম বজাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপজ্যোতি মালাকাৰে মঙলবাৰে এক অভিযান চলাই ড্ৰাগছসহ এটা ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
এক গোপন সূত্ৰৰ ভিত্তিত নীলাম বজাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপজ্যোতি মালাকাৰৰ নেতৃত্বত এটা আৰক্ষী দলে অট’পেটৰ যাত্ৰাপুৰ গাৰ্লছ হোষ্টেলৰ সমীপৰ পৰা 78 টা চাবোনৰ কেছত ড্ৰাগছ জব্দ কৰে ৷ লগতে ব্যৱসায়ী ছাবুৰ আলীক গ্ৰেপ্তাৰ কৰা হয়। উদ্ধাৰ হোৱা ড্ৰাগছখিনিৰ বজাৰ মূল্য প্ৰায় ডেৰ লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে।
নীলাম বজাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে ড্ৰাগছৰ বিৰুদ্ধে সষ্টম হৈ কঠোৰ অভিযান অব্যাহত ৰাখিছে ৷ অনাগত দিনটো এই অভিযান অব্যাহত থাকিব বুলি জনাইছে আৰক্ষী বিষয়াগৰাকীয়ে ৷
লগতে পঢ়ক: Thief escape: কুম্ভকৰ্ণ নিদ্ৰাত আৰক্ষী, বঙাইগাঁও আসামৰিক চিকিৎসালয়ৰ পৰা আচামীৰ পলায়ন