Payback Ceremony 2022 : USTM ত আয়োজন পে-বেক অনুষ্ঠান

By

Published : Dec 15, 2022, 3:25 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail
গুৱাহাটীৰ সমীপবৰ্তী যোৰাবাটৰ ন মাইলস্থিত উচ্চ শিক্ষাৰ অগ্ৰণী প্ৰতিষ্ঠান ইউ এছ টি এম (USTM) ৰ ব্যতিক্ৰমী পদক্ষেপ (Payback Ceremony 2022) ৷ ওভতাই দিলে নেট, গেট অৰ্হতা সম্পন্ন শিক্ষাৰ্থীৰ পাঠ্যক্ৰমৰ মাচুল ৷ পে-বেক পলিচী অনুসৰি শৈক্ষিক প্ৰতিষ্ঠানখনে গ্ৰহণ কৰিছে এই বিশেষ পদক্ষেপ ৷ এই উপলক্ষে USTM ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই পে বেক পলিচীৰ অন্তৰ্গত ২০২১-২২ বৰ্ষৰ ১২০ গৰাকী শিক্ষাৰ্থীৰ পাঠ্যক্ৰমৰ মাচুল ওভতাই দিয়া হয় (Payback ceremony held at USTM) ৷ এই বৰ্ষৰ "পে বেক পলিচী"ৰ অধীনত ওভতাই দিয়া মুঠ ধনৰ পৰিমাণ প্ৰায় ১ কোটি টকাৰো অধিক ৷ বৃহস্পতিবাৰে আয়োজিত উক্ত অনুষ্ঠানত ত্ৰিপুৰা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য গংগা প্ৰসাদ প্ৰছাইন, নেচনেল ল' ইউনিভাৰ্ছিটিৰ উপাচাৰ্য ভি কে আহুজা, USTM ৰ আচাৰ্য মহবুবুল হকৰ লগতে আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷ উল্লেখ্য যে, USTM এ নেট, শ্লেট, IAS, গেট অথবা ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা অনুষ্ঠিত কৰা প্ৰতিযোগিতামূলক পৰীক্ষাত অৰ্হতা লাভ কৰিবলৈ সক্ষম হোৱা শিক্ষাৰ্থীৰ বাবে এই বিশেষ "পে বেক পলিচী" আৰম্ভ কৰিছে ।
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.