Pathetic road condition : অৰ্জুনগুৰি-বিৰিণাবাৰী সংযোগী পথৰ বিধস্ত ৰূপ - অৰ্জুনগুৰি বিৰিণাবাৰী সংযোগী পথৰ বিধস্ত ৰূপ
🎬 Watch Now: Feature Video


Published : Oct 13, 2023, 7:58 AM IST
মাজুলী, 13 অক্টোবৰ : ৰাজ্যত উন্নয়নৰ ঢাক ঢোল বজোৱা চৰকাৰৰ দিনত অৰ্জুনগুৰি-বিৰিণাবাৰী সংযোগী পথৰ বিধস্ত ৰূপ দেখিলে চকু কপালত উঠিব আপোনাৰ । মাজুলীৰ জিলা সদৰ গড়মূৰৰ পৰা 6 মাইল দূৰত থকা অঞ্চলটো আজিও অৱহেলিত ।
বাৰিষাটো বাদেই, খৰালিটো এইদৰেই জীৱন নিৰ্বাহ কৰিবলগীয়া হয় অঞ্চলটোৰ ৰাইজে ৷ অঞ্চলটোৰ চাৰিখন গাঁৱৰ ছাত্ৰ-ছাত্ৰী আৰু ৰাইজে এইদৰেই যাতায়ত কৰিবলগীয়া হয় । পথটিৰ বিধস্ত ৰূপৰ বাবেই আন আন কামৰ লগতে বিশেষকৈ চিকিৎসাৰ বাবে ৰোগী অনা-নিয়া কৰাত অসুবিধাত পৰে অঞ্চলটোৰ ৰাইজ ।
ইফালে শিক্ষা গ্ৰহণৰ বাবে যমৰ যাতনা ভুগি বিদ্যালয়লৈ যাবলগীয়া হৈছে অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী । কেতিয়াবা যদি নাৱত উঠি, কেতিয়াবা আকৌ একাঠু বোকা আৰু পানীত পৰি বিদ্যালয়লৈ যাব লাগে ছাত্ৰ-ছাত্ৰীসকল । কিমান দিন আৰু এইদৰে বিদ্যালয়লৈ যাব শিক্ষাৰ্থীসকল । স্থানীয় ৰাইজে পথটি নতুনকৈ নিৰ্মাণ কৰি দিবলৈ আহ্বান জনাইছে চৰকাৰ তথা মাজুলী জিলা প্ৰশাসনক ।
লগতে পঢ়ক : Jonai news: স্বচক্ষে নেদেখিলে অনুমান কৰিব নোৱাৰি উন্নয়নৰ স্তৰ !