ৰাজহ সংগ্ৰহৰ বাবে বিভাগ চলোৱা নাই : পৰিমল শুক্লবৈদ্য - Path Suraksha Jan Andolan Bike Rally in Barpeta

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Nov 24, 2023, 7:52 PM IST

বৰপেটাৰোড, 24 নবেম্বৰ : "আপুনি যদি মদ খাইছে তেন্তে ঘৰতে থাকিব ৷ আবকাৰী বিভাগেতো কোৱা নাই যে মদ্যপান কৰি গাড়ী চলাওক ৷ সকলো মদৰ বটলত লিখা আছে ৷ মদ খোৱা ভাল নহয় ৷"এই মন্তব্য ৰাজ্যৰ আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ ৷

শুকুৰবাৰে সৰভোগত অনুষ্ঠিত হোৱা পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ বাবে "বিশ্ব স্মৃতি দিৱস"ৰ এক কাৰ্যসূচীত অংশলৈ আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয় যে, মদ্যপান কৰাটো ভাল নহয় ৷ লগতে ৰাইজক মদ্যপান নকৰিবলৈ আহ্বান জনালে মন্ত্ৰীজনে ৷  

তেওঁ কয় যে, ৰাজহ সংগ্ৰহৰ বাবে তেওঁ বিভাগ চলোৱা নাই ৷ ৰাজ্যৰ উন্নয়নৰ বাবেহে চৰকাৰে ৰাজহ সংগ্ৰহ কৰে বুলি কয় মন্ত্ৰীজনে ৷ বিগত বৰ্ষত মদৰ পৰা প্ৰায় চাৰি হাজাৰ কোটি টকা ৰাজহ সংগ্ৰহ কৰা হৈছে ৷ এইবাৰ পাচঁ হাজাৰ কোটি টকা ৰাজহ সংগ্ৰহ হ’ব বুলি ধাৰণা কৰা হৈছে বুলিও মন্তব্য কৰে আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই ৷ 

লগতে পঢ়ক : মানুহক সজাগ কৰিবলৈ বাইক লৈ ঘুৰি ফুৰিছে অসম চৰকাৰৰ এজন মন্ত্ৰী

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.