thumbnail

By ETV Bharat Assamese Team

Published : Nov 5, 2023, 10:59 PM IST

ETV Bharat / Videos

Road accident in Assam: বকলীয়াঘাটত যাত্ৰীবাহী বাছ খাৱৈত বাগৰি মহিলাৰ মৃত্যু; আহত ১২

ডিফু, ৫ নৱেম্বৰ: কাৰ্বি আংলং জিলাৰ বকলীয়াঘাটৰ ডিচবাইত আজি এক শোকাবহ পথ দুৰ্ঘটনাত এগৰাকী মহিলাৰ থিতাতে মৃত্যু হোৱাৰ লগতে ১২ গৰাকীকৈ যাত্ৰী কম-বেছি পৰিমাণে আহত হয় । ডিমাপুৰৰ পৰা মৈৰাবাৰী অভিমুখি এএছ-০২-ডিচি-৩২০৪ নম্বৰৰ যাত্ৰীবাহী বাছখন দিনৰ প্ৰায় এঘাৰ বজাত বকলীয়াঘাট থানাৰ অন্তৰ্গত ডিচবাইত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত থকা খাৱৈত বাগৰি পৰে ।  

এই দুৰ্ঘটনাটোত এগৰাকী মহিলা যাত্ৰী থিতাতে নিহত হয় । নিহত মহিলাগৰাকীক এতিয়ালৈকে চিনাক্ত কৰিব পৰা‌ হোৱা নাই । পিচত এই দুৰ্ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত গাড়ীখনৰ চালক আৰু হেণ্ডিমেনক উন্নত চিকিৎসাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰা হয় ৷ প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি বাছখন দুৰ্ঘটনা সংঘটিত হোৱাৰ পূৰ্বে অত্যাধিক বেগত আহিছিল । চালকজনে মোবাইল ফোনত কথা পাতি থকাৰ ফলত বকলীয়াঘাটৰ সমীপৰ ডিচবাইত এটা কেঁকুৰিত অসাৱধানবশতঃ নিয়ন্ত্ৰণ হেৰুৱাই  বাগৰি পৰে ৷ পিচত আহতসকলক বকলীয়াঘাট চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ।

লগতে পঢ়ক: MLA Dimbeswar Das passes away: পঞ্চভূতত বিলীন হ'ল ৰহাৰ প্ৰাক্তন বিধায়ক ডিম্বেশ্বৰ দাসৰ নশ্বৰদেহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.