Partition Horrors Remembrance Day : তেজপুৰত বিভাজন বিভীষিকা স্মৃতি দিৱস উপলক্ষে বিজেপিৰ মৌন সমদল - ভাৰতীয় জনতা পাৰ্টীৰ শোণিতপুৰ জিলা সমিতি
🎬 Watch Now: Feature Video
তেজপুৰ, 14 আগষ্ট : বিভাজনৰ বিভীষিকা স্মৃতি দিৱস উপলক্ষে ভাৰতীয় জনতা পাৰ্টীৰ শোণিতপুৰ জিলা সমিতিয়ে তেজপুৰত এক মৌন পদ যাত্ৰা কৰে ৷ 1947 চনৰ 14 আগষ্ট তাৰিখে ভাৰতবৰ্ষ বিভাজন হৈ দুখন ৰাষ্ট্ৰত পৰিণত হৈছিল ৷ সেই সময়ত বহু লোকে প্ৰাণ হেৰুৱাব লগা হৈছিল ৷ বহু লোক কালৰ বুকুত হেৰাই গৈছিল ৷
সেইসকল লোকৰ পবিত্ৰ স্মৃতিত শোণিতপুৰ জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ বিজেপিৰ কৰ্মকৰ্তা সকলে তেজপুৰ হেমবৰুৱা ভৱনৰ পৰা আদালত চাৰীয়ালিলৈ এই মৌন পদ যাত্ৰা কৰে ৷ এই সমদলত তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লব লোচন দাসে অংশগ্ৰহণ কৰে ৷
তেওঁ কয় যে দেশ বিভাজনৰ বিভীষিকাৰ যি সকল লোক বলি হৈছিল; তেওঁলোকৰ আত্ম বলিদানৰ বিষয়ে যাতে ভৱিষ্যত প্ৰজন্মৰ বা নৱ প্ৰজন্মৰ লোকে ভালদৰে বুজি পায় তাৰ বাবে বিজেপিয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে ৷
লগতে পঢ়ক : Partition Horrors Remembrance Day : ধেমাজিত বিভাজন বিভীষিকা স্মৃতি দিৱসত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু