Pariksha Pe Charcha 2023: তিনিচুকীয়াত ‘পৰীক্ষা পে চৰ্চা’ কাৰ্যসূচী

By

Published : Jan 27, 2023, 4:19 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

তিনিচুকীয়া, 27 জানুৱাৰী: তিনিচুকীয়াৰ চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত ‘পৰীক্ষা পে চৰ্চা’(Pariksha Pe Charcha 2023) শীৰ্ষক কাৰ্যসূচী ৷ এই কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী সঞ্জয় কিষাণ(Minister Sanjay Kishan) ৷ সমাগত হাইস্কুল শিক্ষান্ত পৰীক্ষা ৷ পৰীক্ষাৰ বাবে সাজু হৈছে ছাত্ৰ-ছাত্ৰীসকল ৷ কিন্তু এনে সময়ত বহু শিক্ষাৰ্থী মামসিক চাপৰ সন্মুখীন হয় ৷

গতিকে শিক্ষাৰ্থীসকলে যাতে কোনো ধৰণৰ চাপ অবিহনে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব পাৰে তাৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আৰম্ভ কৰিছে ‘পৰীক্ষা পে চৰ্চা-2023’ কাৰ্যসূচী(PM Modi in Pariksha Pe Charcha event)  ৷ ইয়াৰ দ্বাৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে দেশৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থীসকলৰ লগত পোনপটীয়াকৈ লাইভ কনফাৰেন্স যোগে মত বিনিময় কৰে ৷ কোনো চাপ নোহোৱাকৈ কিদৰে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাব পাৰি সেই সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীসকলৰ আগত বক্তব্য ডাঙি ধৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷  

তিনিচুকীয়াৰ চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত এই অনুষ্ঠানত জিলাখনৰ কেইবাখনো বিদ্যালয়ৰ পৰীক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে(Pariksha Pe Charcha in Tinsukia) ৷ লগতে অনুষ্ঠানত শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ লগতে উপস্থিত থাকে জিলা প্ৰশাসনৰ সহকাৰী আয়ুক্ত অপৰূপা বুঢ়াগোহাঁই, চেনাইৰাম উঃমা বিদ্যালয়ৰ অধ্যক্ষ জয়ন্ত নেওগৰ লগতে কেইবাগৰাকীও বিভাগীয় বিষয়া-কৰ্মচাৰী তথা শিক্ষক-শিক্ষয়ত্ৰী ৷  

অনুষ্ঠাত পৰীক্ষাৰ্থীসকলক উদ্দেশ্যি প্ৰধানমন্ত্ৰীগৰাকীয়ে(PM Narendra Modi) কয় যে, টাইম মেনেজমেণ্ট অৰ্থাৎ সময়ৰ সঠিক ব্যৱহাৰ আমি আমাৰ মাতৃৰ পৰা শিকা উচিত ৷ কাৰণ এগৰাকী মাতৃয়ে যিমান কাম থাকিলেও সেয়া এক বুজা বুলি নাভাবি এক নিৰ্দিষ্ট সময়ৰ ভিতৰত সেই কাম সম্পূৰ্ণ কৰি তোলে ৷  

উল্লেখ্য যে, এই অনুষ্ঠানত অংশগ্ৰহণৰ বাবে পঞ্জীয়ন কৰিছিল দেশৰ প্ৰায় 38 লাখ পৰীক্ষাৰ্থীয়ে আৰু প্ৰধানমন্ত্ৰীগৰকীক সুধিবলৈ 20 প্ৰশ্ন বাচি উলিয়াইছিল কেন্দ্ৰীয় শিক্ষা সংসদে ৷ সকলো প্ৰশ্নৰ উত্তৰ একেলগে দিয়াটো সম্ভৱ নহয় যদিও, কিছু সংখ্যক প্ৰশ্নৰ উত্তৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে দিয়াৰ লগতে পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে কিদৰে নিজকে সাজু কৰি তুলিব সেই সম্পৰ্কে বক্তব্য আগবঢ়ায় ৷ 

লগতে পঢ়ক: Sanjay Kishan laid foundation stone : তিনিচুকীয়াত দুটাকৈ মূল পথৰ আধাৰশিলা স্থাপন

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.