Assam youth Kedarnath Darshan: 90 দিন খোজ কাঢ়ি পাপু পালেগৈ কেদাৰনাথ - জ্যোতিৰ্লিংগ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/27-09-2023/640-480-19618217-thumbnail-16x9-bb.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Sep 27, 2023, 1:09 PM IST
|Updated : Sep 27, 2023, 2:28 PM IST
নগাঁও, 27 ছেপ্টেম্বৰ : ভক্তিয়েই শক্তি ৷ নগাঁৱৰ পৰা পদযাত্ৰা কৰি কেদাৰনাথত উপস্থিত হ’ল নগাঁৱৰ পাপু পেটেল নামৰ এজন যুৱক ৷ কঠোৰ প্ৰত্যাহ্বানকো নেওচি যোৱা 23 জুনৰ পৰা পদযাত্ৰা আৰম্ভ কৰিছিল ফটো সাংবাদিক পাপু পেটেলে ৷ অৱশেষত ৯০ দিনৰ অন্তত 23 ছেপ্টেম্বৰত কেদাৰনাথত উপস্থিত হয়গৈ পাপু ৷ যাত্ৰাপথত বহুলোকে সহায় আগবঢ়াইছিল পাপুক। কেদাৰনাথ দৰ্শন কৰি আৱেগিক হৈ পৰা পাপুয়ে এই যাত্ৰাত সহায় কৰা প্ৰতিগৰাকী ব্যক্তিকে ধন্যবাদ জ্ঞাপন কৰে ৷
হিন্দু ধৰ্মীয় লোকৰ বাবে কেদাৰনাথ ধামৰ গুৰুত্ব অসীম। এই পবিত্ৰ স্থানক বাৰটা জ্যোতিৰ্লিংগৰ ভিতৰত অন্যতম বুলি গণ্য কৰা হয়। কেদাৰনাথ ধামক ভগৱান শিৱৰ বাসস্থান বুলি গণ্য কৰা হয়। প্ৰতি বছৰে হাজাৰ হাজাৰ ভক্তই কেদাৰনাথলৈ ভোলানাথক দৰ্শন কৰিবলৈ যায়। ভক্তসকলৰ বিশ্বাস যে, কেদাৰনাথ পৰিদৰ্শনে মনোবাঞ্ছা পূৰণ কৰে ।
লগতে পঢ়ক: Assamese boy punished: এসাঁজ ভাত খোৱাৰ বাবে অসমীয়া যুৱকক অপমান, ভুল স্বীকাৰ বিজয় নাইডুৰ