thumbnail

By

Published : Mar 29, 2023, 10:00 PM IST

ETV Bharat / Videos

Hazarikapara Gaon Panchayat scam : 100 টকা নিদিলে ৰেচন কাৰ্ডৰ নথিপত্ৰ জমা নিদিয়ে পঞ্চায়তৰ সভানেত্ৰীয়ে

ছিপাঝাৰ, 29 মাৰ্চ: পঞ্চায়ত সভানেত্ৰীৰ খঁক (Hazarikapara Gaon Panchayat scam)৷ ৰাজ্যজুৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ পিচতো গা লৰা নাই একাংশ চৰকাৰী কৰ্মচাৰী তথা জনপ্ৰতিনিধিৰ ৷ এইবাৰ দৰং জিলাৰ ছিপাঝাৰ উন্নয়ন খণ্ডৰ অধীনৰ হাজৰিকাপাৰা গাঁও পঞ্চায়তৰ সভানেত্ৰীৰ খঁকে হাৰাশাস্তি কৰিছে হিতাধিকাৰীক ৷ 100 টকা নিদিলে ৰেচন কাৰ্ডৰ নথিপত্ৰ জমা নিদিয়ে পঞ্চায়তৰ সভানেত্ৰীয়ে (Panchayat President allegedly taking bribe) ৷ 

হাজৰিকাপাৰা গাঁও পঞ্চায়তৰ বিজেপিৰ সভানেত্ৰী মীৰা ৰাজবংশী (Complaint against President Mira Rajbonshi) ৰেচন কাৰ্ডৰ নথিপত্ৰ জমা লোৱাৰ বাবে প্ৰতিগৰাকী হিতাধিকাৰীৰৰ পৰা 100 টকাকৈ সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ খোদ পঞ্চায়তটোৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী গৰাকীয়ে স্বীকাৰ কৰিছে সভানেত্ৰীয়ে ঘোচ লোৱাৰ কথা ৷ এতিয়া এশ টকা আদায় নিদিলে সভানেত্ৰী বাইদেউৱে নথি পত্ৰও জমা নলয় ৷

সভানেত্ৰীগৰাকীৰ এই কাৰ্যই গাঁওখনৰ দৰিদ্ৰ লোকসকলক বিপাঙত পেলাইছে ৷ ফলত উপায়হীন হৈ বুধবাৰে দৰিদ্ৰ সীমাৰেখাৰ তলৰ হিতাধিকাৰী সকলে সভানেত্ৰীগৰাকীৰ বিৰুদ্ধে তদন্ত কৰি শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ ক্ষোভিত ৰাইজে দাবী উত্থাপন কৰিছে ৷

লগতে পঢ়ক: Lakhimpur congress protest: ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজৰ বিৰুদ্ধে লখিমপুৰত কংগ্ৰেছৰ চাৰি ভগ্নী সংগঠনৰ প্ৰতিবাদ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.